নলবাৰীৰ পাইকাৰকুছিত কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন

Pic

*পূৰ্বৰ চৰকাৰে জাতি-মাটি-ভেটিৰ কথা ভবা নাছিল-ৰঞ্জিত দাস*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

পূৰ্বৰ চৰকাৰে জাতি-মাটি-ভেটিৰ কথা ভবা নাছিল।এই মন্তব্য ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।৭ জানুৱাৰীত নলবাৰী জিলাৰ পূব নলবাৰীৰ পাইকাৰকুছিস্থিত ৰাজকদমতলৰ শ্ৰীশ্ৰী হৰিমন্দিৰ (পাণ্ডাৰ থান)চৌহদত নিৰ্মাণ কৰিব লগীয়া কৃষক শ্বহীদ ভৱনটোৰ আধাৰশিলা স্থাপন কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাসে বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ উন্নয়নৰ বাবে কাম কৰাৰ কথা উল্লেখ‍ কৰে।লগতে চৰকাৰে গ্ৰহণ বিভিন্নখন অভিলাষী আঁচনিৰ বিষয়ে কয়।

সভাপতিগৰাকীয়ে ভাষণত ইতিহাস প্ৰসিদ্ধ উক্ত কৃষক ভৱনটোৰ নিৰ্মাণৰ ক্ষেত্ৰত পুনৰ ধন আৱন্টিত কৰাৰ কথা সদৰি কৰে। অসম চৰকাৰৰ দ্বাৰা আৱন্টিত আনটাইড ফাণ্ডৰ ১০ লাখ টকা ব‍্যয়ৰে নিৰ্মাণ হ'বলগীয়া ঐতিহ্যমণ্ডিত কৃষক ভৱনটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলা পৰিষদৰ অধ‍্যক্ষ নিতুল ডেকাকে ধৰি প্ৰায় তিনিশতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সাংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছ বিধায়ক আকৌ আহিবলৈ ইচ্ছা কৰি আছে, কিন্তু আমি যোগদান নিবিচাৰোঁ,আমাক কেডাৰ লাগে।নেতাগৰাকীয়ে নলবাৰীত কোনো দুটা ফৈদ হোৱা নাই বুলি উল্লেখ‍্য কৰি চাৰ্ভেৰ ভিত্তিত টিকট দিয়া হ'ব বুলি উল্লেখ কৰে।

উল্লেখ‍্য‍ যে ১৮৯৪ চনতে এই ঠাইতে অঞ্চলটোৰ হাজাৰ-হাজাৰ কৃষক মিলিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।বিদেশী শাসক গোষ্ঠীটোৱে ভাৰতীয় কৃষকৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ কোনোপধ্যেই আদায় দিয়া নহ'ব বুলি হুংকাৰ দি উক্ত বৰ্ষতে ১৯ জানুৱাৰীত ৰঙিয়াস্থিত ব্ৰিটিছ কমিছনাৰৰ কাৰ্যালয়লৈ সমদল কৰি হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উক্ত কাৰ্যসূচীত ব্ৰিটিছ আৰক্ষী জঁপিয়াই পৰি গুলীচালনা কৰাত বহুজন কৃষক ছহিদ হৈছিল। এইসকল ছহিদ কৃষকৰ স্মৃতি ৰক্ষাৰ্থে আজি বিজেপি চৰকাৰে উক্ত কৃষক শ্বহীদ ভৱনৰ নিৰ্মাণৰ যো-জা  চলোৱা কাৰ্যত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Your Comments