বুধবাৰে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ গগণ চন্দ্ৰ অধিকাৰী সোঁৱৰণী প্ৰেক্ষাগৃহত সৰস্বতী ডি এন প্ৰকাশনে প্ৰকাশ কৰা সাতখন গ্ৰন্থ উন্মোচন কৰা হয়।অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী,প্ৰাক্তন প্ৰশাসনীয় বিষয়া স্বপ্ননীল বৰুৱা,শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা,প্রাক্তন বায়ু সেনা বিষয়া গোৱিন্দ বৰুৱা,সমাজকৰ্মী দীপ কুমাৰ কলিতাই উন্মোচন কৰে ইৰাৱতী দাস মালী ৰচিত 'জেতুকা পাতৰ ৰং' আৰু "ধুমুহাৰ স'তে মই"নিৰ্মলা শৰ্মা ৰচিত 'আশাৰ ৰেঙণি' আৰু 'নীতি শিক্ষামূলক সাধু',উৎপল তালুকদাৰৰ 'নাজানো?কি',দেৱেন তামুলীৰ 'চিন্তা চেতনা',আবেদুৰ ৰহমান শইকীয়াৰ 'নিৰ্বাচিত গীত আৰু কবিতা'।ইৰাৱতী দাস মালীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে কাব্য-সাহিত্য সম্পৰ্কীয় বিশ্লেষণাত্মক মূল্যৱান বক্তব্য আগবঢ়ায়।স্বপ্ননীল বৰুৱাইও কাব্য-সাহিত্য সম্পৰ্কে ভাষণ প্ৰদান কৰে।বিশিষ্ট শিক্ষাবিদ,পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসে গ্ৰন্থৰ অমৰত্ব পাঠকৰ হ্ৰদয়ত বুলি উল্লেখ কৰে।অসমীয়া ভাষা কেতিয়াও মৰিব নোৱাৰে বুলি তেওঁ গভীৰ বিশ্বাস প্ৰকট কৰে,কাৰণ ১ কোটি ৪০ লাখ মানুহে অসমীয়া ভাষা কয়।সভাত সৰস্বতী ডি এন প্ৰডাকচনৰ স্বত্বাধিকাৰী সুুব্ৰত দেৱ নাথ উপস্থিত থাকে।
- Log in to post comments
- 21 views