দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৫ জানুৱাৰী:
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চলি থকা ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্হমেলাত ৪ জানুৱাৰীত শিশুকবি,তথা সাংবাদিক দিগন্ত বৰ্মণৰ 'সবিস্তক আৰু বিৰকৰ কাহিনী' নামৰ শেহতীয়া নৱতম কাব্যগ্ৰন্হখন উন্মোচন কৰা হয়। অসম প্ৰকাশন পৰিষদৰ অস্হায়ী কাৰ্যালয়ত গ্ৰন্হখন উন্মোচন কৰে জ্যেষ্ঠ আৰক্ষী বিষয়া তথা সাহিত্যিক প্ৰফুল্ল বৰ্মণে।
উন্মোচনী ভাষণ প্ৰসংগত তেওঁ শিশুৰ সাহিত্য আৰু মনস্তত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। লগতে উক্ত গ্ৰন্হখনে শিশুৰ কৌতুহলী মনোজগতত ইতিবাচক প্ৰভাব বুলিও উল্লেখ কৰেউক্ত সভাখনত আন আন নখন গ্ৰন্হ উন্মোচন কৰে ক্ৰমে বিশিষ্ট কবি নীলিম কুমাৰ,সাহিত্যিক তথা অধ্যাপক ডঃ জগদীশ পাটগিৰী,জ্যেষ্ঠ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা,বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰ বিপুল শৰ্মা আদিয়ে।
- Log in to post comments
- 12 views