সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নগাঁও জিলাৰ বটদ্ৰবাৰ লালুংগাঁৱত সংঘটিত জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা দুই অভিযুক্ত নাবালকক আজি জুভেনাইল জাষ্টিচ বোৰ্ডে তিনি বছৰৰ শাস্তি প্ৰদান কৰে ।
আজি অভিযুক্ত নাবালকদ্বয়ক আদালতত পুৱাই হাজিৰ কৰোৱা হয় আৰু বোৰ্ডৰ প্ৰধান দণ্ডাধীশগৰাকীয়ে দুয়োকে তিনি বছৰৰ বাবে পৰ্যবেক্ষণ গৃহত ৰখাৰ শাস্তি দিয়ে । এই শাস্তিৰে দণ্ডিত হোৱা দুই নাৱালকক আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাটৰ পৰ্যবেক্ষণ গৃহৰ কাৰাগাৰলৈ লৈ যায় ।
উল্লেখ্য, চলিত বৰ্ষৰ ২৩ মাৰ্চত বটদ্ৰবা লালুংগাৱঁৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক গাঁওখনৰে জাকিৰ হুছেইন নামৰ দুটা সন্তানৰ পিতৃ লম্পটজনে ধৰ্ষণ কৰি গাত কেৰাচিন তেল ঢালি জ্বলাই দিছিল ।
ফলত কিশোৰীগৰাকীৰ মৃত্যু হৈছিল । জাকিৰ হুছেইনৰ এই বৰ্বৰ কাণ্ডৰ সহযোগিতা কৰাৰ অপৰাধত এই দুই নাবালকক শাস্তি প্ৰদান কৰা হয় । ঘটনা সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে জাকিৰ হুছেইনৰ লগতে এই দুই নাবালক আৰু আন ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।
পিছত আৰক্ষীয়ে আদালতত দিয়া অভিযোগনামাৰ ভিত্তিত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি মূল অভিযুক্ত জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰাৰ লগতে আন ৫জনক দোষমুক্ত ঘোষণা কৰিছিল ।
জাকিৰ হুছেইনৰ শাস্তি কি হ'ব সেয়া ৭ ছেপ্টেম্বৰত আদালতে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে ।
এই ৰায়ৰ পিছত দুই নাবালক তিনি বছৰৰ বাবে যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহত জীৱন অতিবাহিত কৰিব লগাটো নিশ্চিত হ'ল ।
- Log in to post comments
- 14 views