নুৰুল ইছলাম,চানডুবিঃ
অসমৰ প্ৰাকৃতিক ক্ষেত্ৰসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ কামৰূপ জিলাৰ ৰাজাপাৰাত অৱস্থিত এই বিলখন ৷ ১৮৯৭ চনৰ প্ৰৱল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ উপৰি অঞ্চলটোৰ কৃষিজীৱী চহা লোকসকলৰ বিচিত্ৰ জীৱনশৈলীৰ লগতে নৃগোষ্ঠীয় কলাকৃষ্টিৰ প্ৰদৰ্শনেৰে এখন উল্লেখণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে চানডুবি উৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য আয়োজন কৰি আহিছে ৷ এইবেলিও ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা চাৰিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে উক্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷ একাদশ বাৰ্ষিক মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পহিলা জানুৱাৰীৰ পুৱা চানডুবিৰ সেউজ উপত্যকাত আনুষ্ঠানিকভাৱে উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাৰ পতাকা উত্তোলেনে শুভাৰম্ভ হয় উক্ত মহোৎসৱৰ ৷ তদুপৰি অতিথিশালা 'ডগৰবুৰা’ৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই ৷ ইফালে প্ৰদৰ্শনস্থলী 'লাঙাবুৰা'ৰ দ্বাৰ মুকলি কৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই ৷
কেন্দ্ৰীয় 'আৰছু' নেতা দেৱজিত নাফাই তেওঁৰ বক্তব্যত চানডুবি উৎসৱৰ জৰিয়তে গ্ৰাম্য পৰ্যটনৰ বাট মুকলি হোৱা বুলি কয় ৷ আনকি,থলুৱা লোককৃষ্টি তথা জাতীয় পৰম্পৰাৰ প্ৰদৰ্শনৰ প্ৰয়াস সাংস্কৃতিক উত্তৰণৰ উপৰি আৰ্থসামাজিক দিশতো ইতিবাচক প্ৰভাব পেলাব বুলি কয় নাফাই ৷ থলুৱা-খেল ধেমালিৰ প্ৰদৰ্শনী শুভাৰম্ভ কৰে দিলীপ কুমাৰ ৰাভাই ৷
তদুপৰি উক্ত উৎসৱৰ স’তে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "ল'কেয়া" উন্মোচন কৰে ড° মলিনা দেৱী ৰাভাই ৷ সুভাষ চিনালে পৰিচালনা কৰা মহোৎসৱৰ কাৰ্যসূচীতে ৰাভা জনগোষ্ঠীৰ বয়ন শিল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ৰাভা জনগোষ্ঠীয় কেইবাগৰাকীও শিপিনীক সম্বৰ্ধনা জনোৱা হয় ৷ উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত 'প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব আৰু অঞ্চলস্থ ৰাইজৰ ভূমিকা' শীৰ্ষক আলোচনা চক্ৰ এখনি অনুষ্ঠিত কৰাৰ উপৰি বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাৰ উপস্থিতিত গোলাপ ভৰালীৰ সঞ্চালনাত কবি সন্মিলন এখনো অন্তিম দিনাৰ কাৰ্যসূচীত অনুষ্ঠিত কৰা হয় ৷
বিশেষকৈ বিভিন্ন পৰম্পৰাগত খেলধেমালিৰ উপৰি ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক দেওবাৰে বঁটাসমূহ বিতৰণ কৰা হয় ৷ প্ৰত্যেক দিনৰ কাৰ্যসূচীত বিশিষ্ট ব্যক্তি তথা হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী দৰ্শনাৰ্থীৰ উপস্থিতিত মহোৎসৱথলীত ঝুমুৰ, ৰাভা,বড়ো,মণিপুৰীৰে ধৰি নৃগোষ্ঠীয় লোককৃষ্টিৰ তালত নান্দনিক হৈ উঠে উৎসৱথলী।
এনেদৰে,সমন্বয়ৰ বাৰ্তা বিলাই সমূহীয়া আনন্দ- উল্লাসৰ মাজেৰে প্ৰকৃতিপ্ৰেমী, দৰ্শনাৰ্থীক আপ্লুত কৰি সোমবাৰে মহোৎসৱৰ সামৰণি পৰে৷
- Log in to post comments
- 33 views