দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
২০২০ ইং বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক এইবৰ্ষৰ পৰা অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য এইবৰ্ষৰ পৰা ছাত্ৰীসকলক স্কুটী দিয়াৰ ব্যৱস্থা কৰিছে । ইয়াৰ কাৰ্যসূচীৰূপে দেওবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য,পৰিবহণ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক শৰ্মা, নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডা° মৃগাংক তালুকদাৰ । এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নলবাৰী জিলাৰ ৯১২ গৰাকী ছাত্ৰীয়ে স্কুটী লাভ কৰিব।৪ জানুৱাৰীৰ বঁটা প্ৰদান অনুষ্ঠানত আনুষ্ঠানিকভাৱে নলবাৰী জিলাৰ প্ৰথম পাঁচগৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইয়াৰ পৰৱৰ্তী সময়ত আন ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।
- Log in to post comments
- 18 views