দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম অসামৰিক সেৱাৰ ২৬ সংখ্যক স্থানপ্ৰাপ্ত তুলসী ৰঞ্জন কলিতাক দেওবাৰে তেওঁৰ জন্মগাঁও ৰণাকুছিত গাঁওবাসীয়ে অভিনন্দন জ্ঞাপন কৰে। ৰণাকুছি গাওঁ উন্নয়ন সমিতি, ৰণাকুছি পাৰিজাত সংঘ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (ৰণাকুছি শাখা সমিতি),বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ লগতে ৰণাকুছি গাওঁৰ বিভিন্ন দল, সংগঠন, ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানে ফুলৰ থোপা, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আদিৰে অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে ৰণাকুছি গাঁও উননয়ন সমিতিৰ সভাপত খগেন কলিতাৰ সভাপতিত্বত ৰণাকুছি দুৰ্গামন্দিৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত বক্তব্য প্ৰদান কৰি বক্তাসকলে তুলসী ৰঞ্জনে যাতে ভৱিষ্যতেও অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে তাৰ বাবে গাঁওবাসীয়ে গভীৰ আশা কৰে। সভাত বক্তব্য প্ৰদান কৰে ধীৰেণ চৌধাৰী, কমল কলিতা, বিশ্বনাথ মেধি, তুলসী ৰঞ্জনৰ সহপাঠী প্ৰভাত কলিতা, নগেন কলিতা আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। সভাত উপস্থিত থাকে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নজ্যোতি কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা।
বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰজত চন্দ্ৰ কলিতা আৰু শ্বহীদ মুকুন্দ কাকতি বিদ্যপীঠৰ সহকাৰী শিক্ষয়ত্ৰী ৰীণা মজুমদাৰ কলিতাৰ পুত্ৰ তুলসী ৰঞ্জন কলিতাই অভিনন্দন গ্ৰহণ কৰি মনৰ ভাব প্ৰকাশ কৰাৰ লগতে পিতৃ-মাতৃয়েও মনৰ ভাব প্ৰকাশ কৰে। অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক প্ৰণৱ ডেকাই।
- Log in to post comments
- 13 views