প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাৰে মুখৰ চানডুবি মহোৎসৱ

Pic

*নৱবৰ্ষৰ পহিলা দেওবাৰটোত সেউজীয়াৰ সান্নিধ্য বিচাৰি হাজাৰ হাজাৰ প্ৰকৃতিপ্ৰেমী*

#নুৰুল ইছলাম,চানডুবি,৩ জানুৱাৰী:

প্ৰকৃতি কেৱল জনগোষ্ঠীসকলৰ হাততহে সুৰক্ষিত হ’ব ৷ কাৰণ জনগোষ্ঠীসকলৰে প্ৰকৃতিৰ আত্মিক সম্পৰ্ক যুগযুগান্তৰৰ ৷ এই বক্তব্য বিশিষ্ট চিন্তাবিদ,প্ৰকৃতিপ্ৰেমী দেৱজিত নাফাৰ ৷ পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি মহোৎসৱৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত 'প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব আৰু অঞ্চলস্থ ৰাইজৰ ভূমিকা' শীৰ্ষক আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নাফাই ৰাজ্যৰ অন্যতম প্ৰাকৃতিক প্ৰাচুৰ্য্যৰে পৰিপূৰ্ণ চানডুবি আৰু ইয়াৰ চৌদিশৰ সেউজীয়া সম্পদৰাজিৰ সংৰক্ষণৰ ইতিবাচক দিশ সম্পৰ্কে বিতং ব্যাখা আগবঢ়াই ৰাইজক সজাগ আৰু সচেতনহৈ স্বকীয়তা ৰক্ষাৰ আহ্বান জনাই ৷ তদুপৰি উদযাপন সমিতিৰ সুভাষ চিনালে পৰিচালনা কৰা আলোচনাচক্ৰখনত অৰুণ দিয়া,জীৱন ৰাভাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা অঞ্চলস্থ বন গাওঁবুঢ়াসকল উপস্থিত থাকি প্ৰকৃতি সুৰক্ষা সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

আনহাতে, আজিৰ উৎসৱথলীত পলাশবাৰী সমষ্টি সুৰক্ষা মঞ্চৰ সভাপতি পংকজ লোচন গোস্বামী উপস্থিত থাকি নিজ ভাষণত উক্ত মহোৎসৱখনি নামনি অসমৰ এক ঐতিহ্যপূৰ্ণ ইতিবাচক উৎসৱ বুলি কয় ৷ বৰ্তমানৰ তথাকথিত বিজতৰীয়া সংস্কৃতিৰ পৰা মুক্ত হৈ অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হেতু ভূমিপূত্ৰ ৰাভা জনগোষ্ঠীৰ ভাষা-কলাকৃষ্টিৰ অধ্যয়নৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে গোস্বামীয়ে ৷ ইফালে নৱবৰ্ষৰ আজি প্ৰথমটো দেওবাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সেউজীয়াৰ সুৱাস বিচাৰি আগমন হোৱা শত সহস্ৰ প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ উপস্থিতত উখল মাখল হৈ পৰা উৎসৱথলী।থলুৱা খেলধেমালি, শিল্প ভাষ্কৰ্য আদিৰ উপৰি টাই আহোম,ৰাভা,বড়ো,মণিপুৰী আদি জনগোষ্ঠীৰ বাৰেৰহণীয়া লোকনৃত্যৰ প্ৰদৰ্শনত মনোমুগ্ধকৰ হৈ পৰে চানডুবিৰ শ্যামলী পৰিৱেশ।ইফালে হাজাৰ হাজাৰ সৰু-বৰ যানবাহনৰ প্ৰৱেশ ঘটাত অঞ্চলটোত অভাৱনীয় যানজঁটৰ সৃষ্টি হয় ৷ কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো নিয়ন্ত্ৰণৰ ব্যৱস্থা পৰিলক্ষিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী ৰাইজে

Your Comments