ঘগ্ৰাপাৰৰ বনভাগ জাতীয় বিদ্যালয়ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২ জানুৱাৰীঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বনভাগ জাতীয় বিদ্যালয়ৰ আজি অষ্টম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।এই উপলক্ষে আজি পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বনভাগ জাতীয় বিদ্যালয়ৰ অধ‍্যক্ষ বিনোদ তালুকদাৰে।ইয়াৰ পিছতে ছাত্ৰ -ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দিনৰ ১২ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উপাধ‍্যক্ষ হেলিম আহমেদে। অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া,শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰীসকলকে অংশগ্ৰহণ কৰে।

Pic

সভাত বিদ্যালয়খনৰ অধ‍্যক্ষ বিনোদ তালুকদাৰে বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে এই জাতীয় বিদ্যালয়সমূহে অসমীয়াৰ স্বাৰ্থত অসমীয়া ভাষা জীয়াই ৰখাত গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আহিছে বুলি মন্তব্য আগবঢ়ায়। লগতে শিক্ষাবিদগৰাকীয়ে জাতীয় বিদ্যালয়সমূহ জীয়াই ৰখাত অসমীয়া সমাজে আগবাঢ়ি আহিব লাগিব বুলি আহ্বান জনায়।উক্ত সভাত ছাত্ৰ -ছাত্ৰীসকলৰ মাজত আজিৰ প্ৰতিযোগিতাত লাভ কৰা বঁটাসমূহ বিতৰণ কৰে।

Your Comments