পথ সুৰক্ষা সপ্তাহ কাৰ্য্যসূচীৰে আদৰ্শ জাতীয় বিদ্যালয়,গন্ধমৌৱে নৱবৰ্ষৰ শুভেচ্ছা জনালে পথচাৰীক

Pic

মৃণাল ডেকা,শুৱালকুছি,২ জানুৱাৰী:

অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠা কৰা গন্ধমৌৰ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি নৱবৰ্ষৰ প্ৰথমটো দিনত ব্যতিক্ৰমী কাৰ্যসূচীৰে নৱবৰ্ষৰ প্ৰথম সপ্তাহটো "পথ সুৰক্ষা সপ্তাহ" হিচাপে পালন কৰি বিদ্যালয়ৰ সমীপৰে যোৱা শিঙিমাৰী-শুৱালকুছি পথটোৰে অহাযোৱা কৰা যানবাহনৰ চালক তথা বাইক আৰোহীসকলক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে গাড়ী চলাওঁতে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত আহ্বান জনাই চালকসকলক এখনকৈ গোহাৰিপত্ৰ বিতৰণ কৰে।

Pic

এই সন্দৰ্ভত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কনক দাসে কয় যে অসমত দিনক-দিনে পথ দুৰ্ঘটনাৰ ফলত মৃত্যুৰ হাৰ বাঢ়ি গৈছে,যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক-দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দুৰাৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে।মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে। সেই উদ্দেশ্যেৰে আজি আদৰ্শ জাতীয় বিদ্যালয় গন্ধমৌৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে নৱবৰ্ষৰ প্ৰথম সপ্তাহটো পথ সুৰক্ষা সপ্তাহ হিচাপে পালন কৰিছে।যাতে, প্ৰতিগৰাকী চালকে গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰাৰ লগতে মটৰচাইকেল চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এসপ্তাহলৈ বিদ্যালয়খনে পথ সুৰক্ষা সপ্তাহ হিচাপে পালন কৰিব বুলি উল্লেখ কৰে।

Your Comments