দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাহিত্য শাখাৰ সৌজন্যত মঞ্চৰ সদস্য-সদস্যাৰ ওপজা দিনৰ কাৰ্যসূচীত ১ জানুৱাৰীৰ বিয়লি লৰমাবটাকুছি গাঁও নিৱাসী জ্যেষ্ঠ নাগৰিক শচীন্দ্ৰ শৰ্মাৰ ৬৪ সংখ্যক ওপজা দিনটো তেওঁৰ বাসগৃহ লৰমাবটাকুছিত পালন কৰা হয়। এই উপলক্ষে বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি দ্বিজেন কাকতিৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত বিশিষ্ট ঔপন্যাসিক অঞ্জলিকী চক্ৰৱৰ্তীয়ে বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ এনে কাৰ্যক এটা ব্যতিক্ৰম বুলি অভিহিত কৰে। তেওঁ অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাটো যাতে প্ৰধান ভাষা হিচাপে ৰাখে,সেইটো জ্যেষ্ঠ নাগৰিকসকলক নজৰ ৰাখিবলৈ আহ্বান জনায়।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰভাগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰজত চন্দ্ৰ কলিতাই পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মাৰ ওপজা দিনটোত তেওঁৰ কৰ্মজীৱন সন্দৰ্ভত বক্তব্য দাঙি ধৰে। তেওঁ প্ৰতিজন জ্যেষ্ঠ নাগৰিকৰে জন্মদিন পালন কৰাৰ বাবে আহ্বান জনায়। তেওঁ আৰু কয় যে এনে অনুষ্ঠানে জ্যেষ্ঠ নাগৰিকসকলক প্ৰেৰণা যোগায়। অনুষ্ঠানত গুৱাহাটীস্থিত বাকলু জনকল্যাণ সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ সম্পাদিকা অঞ্জলিকা চক্ৰৱৰ্তীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰায় ডেৰকুৰি ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গামোচা,কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত কবিতা, প্ৰৱন্ধ, গল্প, গীত, আবৃত্তি কৰে বিপিন শৰ্মা, দ্বিজেন কাকতি, বশিষ্ঠ তালুকদাৰ,ধীৰেশ্বৰ গোস্বামী,পৰেশ শৰ্মা,নীলমণি ভট্টাচাৰ্য, বাবুল চন্দ্ৰ ডেকা নীৰঞ্জন ভূঞা,চয়নিকা শৰ্মা , দীপশিখা চক্ৰৱৰ্তী, শ্বাশ্বতী দেৱী, ৰজত চন্দ্ৰ কলিতা আদিকে ধৰি আঢ়ৈ কুৰি সাহিত্য ৰচকে।
- Log in to post comments
- 14 views