হাজোৰ পৰা কমলাকান্ত দাস:
কামৰূপ জিলাৰ হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰছলি ছোৱালী এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আব্দুল কাদেৰক ৩১ ডিচেম্বৰত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বৰছলি অঞ্চলটোৰ বিভিন্ন দল- সংগঠনে উষ্ম আদৰণি জনায়। শিক্ষকগৰাকীৰ বিদায় মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।
বৰছলিত নাৰী শিক্ষাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা ডা: জয়নাল আবেদিনক সভাপতি আৰু আব্দুল কাদেৰক প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে লৈ
১-১-১৯৮৬ চনত মাদ্ৰাছাখন স্থাপন কৰে।
১ জানুৱাৰী,২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খনত আঠ বছৰ কাল চৰকাৰী চাকৰি কৰি ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।
সুদীৰ্ঘ ৩৫ বছৰ কাল শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যি অগ্ৰনী ভূমিকা গ্ৰহণ কৰিছিল,সেই কথা ৰাইজে নতশিৰে স্বীকাৰ কৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।অৱসৰপ্ৰাপ্ত শিক্ষক চাহাদত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায়ী সভাখনত বিভিন্ন কাৰ্যসূচীৰ আঁঁত ধৰে বিজ্ঞান শিক্ষক আব্দুল বাৰেকে। হাজো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবিন কুমাৰ শৰ্মা, সমল কেন্দ্ৰৰ সমন্বয়ক হৰেকৃষ্ণ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক মতিউৰ ৰহমান, বৰছলি হাটখোলা হাইস্কুলৰ প্ৰধান শিক্ষক চান মহম্মদ আলী, শিক্ষক ছামচুল হক, বৰছলি সাহিত্য সভাৰ সম্পাদক মেছেৰ আলী, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতি সাধাৰণ সম্পাদক আতাউৰ ৰহমান তথা বৰছলিৰ শিক্ষানুৰাগী ব্যাক্তি সকল উপস্থিত থাকে। এই সভাতে আৱেগবিহ্বল হৈ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন দল-সংগঠনে বিদায়ী শিক্ষক আব্দুল কাদেৰক ফুলাম গামোচা, ফুলাম জাপি,শৰাই,মান পত্ৰ,কিতাপৰ টোপোলা,ছাতি, ধৰ্মীয় ৰুমাল আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনায়।
সভাৰ অন্তত শিক্ষক শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী তথা ৰাইজে সমদল উলিয়ায় শিক্ষক গৰাকীক স-সন্মানে নিজ গৃহত আগবঢ়ায় লৈ যায়।
- Log in to post comments
- 13 views