১ জানুৱাৰীৰ দিনাই ভাল খবৰ দিলে ড: হিমন্ত বিশ্ব শৰ্মাই...

HBS

নতুন বছৰৰ প্ৰথম দিনটোতে ড: হিমন্ত বিশ্ব শৰ্মাই দিলে সুখবৰ। অহা ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল-সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। তদুপৰি কৰোণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত অৰ্থনৈতিক দিশৰপৰা ৰাজ্যখন সুস্থিৰ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে যিকেইটা দিশত অতিৰিক্ত কৰ আৰোপ কৰিছিল, সেই আটাইবোৰ ফেব্ৰুৱাৰী মাহৰ পৰা বাতিল কৰা হ’ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰণিধানযোগ্য যে, লকডাউনৰ পিছৰ পৰ্যায়ত পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে অতিৰিক্ত ৫ টকাৰ কৰ আৰোপ কৰিছিল। অনুৰূপে কৰ আৰোপ কৰিছিল সুৰাৰ ওপৰতো।বিশেষতঃ পেট্ৰ’ল-ডিজেলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ ফলত সাধাৰণ শ্ৰেণীৰ লোকৰ বহুখিনি অসুবিধাৰ সৃষ্টি হৈছিল।

কৰ’ণাৰ তাণ্ডৱ শান্ত হোৱাৰ পিছত সকলোৱে দাবী কৰিছিল যে, কৰ’ণাৰ সময়ত আৰোপ কৰা অতিৰিক্ত কৰ ৰাজ্য চৰকাৰে কৰ্তন কৰাব লাগে আৰু ২০২১ চনৰ ১ জানুৱাৰীৰ দিনাই এই ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই।

Your Comments