নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ চাইকেল বিতৰণ অনুষ্ঠান

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীৰ বিধায়ক অশোক শৰ্মা ফেনচ ক্লাবৰ উদ্যোগত আৰু বিধায়ক অশোক শৰ্মাৰ সহযোগত ১ জানুৱাৰীত বিধায়কগৰাকীৰ নলবাৰী নিজা গৃহৰ চৌহদত নলবাৰীৰ কেইগৰাকীমান পুৰণি আৰু বয়োজ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ মাজত "চাইকেল বিতৰণ অনুষ্ঠান" ৰূপায়ণ কৰে।বিধায়কগৰাকী পুৱা ১১ বজাত প্ৰায় ৩৫ গৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাক চাইকেল প্ৰদান কৰে।ফেনচ ক্লাবৰ মুখ্য আহ্বায়ক ধ্ৰুৱজ্যোতি দত্তই আঁত ধৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ জিলা উপ -সভাপতি জয়ন্ত বুজৰবৰুৱা,প্ৰাক্তন জিলা উপ-সভাপতি অপূৰ্ব কুমাৰ শৰ্মা,বিশিষ্ট সমাজকর্মী অনুপ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি,দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।উল্লেখ‍ যে ইয়াৰ পূৰ্বেও এনেকুৱা বিভিন্ন আঁচনি ৰাইজৰ মাজত ৰূপায়ণ কৰাৰ উপৰিও নিজা প্ৰচেষ্টাৰে সমষ্টিটোৰ দুখীয়া তথা দলীয় কাৰ্যকৰ্তাক ৰোগ-ব্যাধিত সাহায্য বিতৰণ কৰি আহিছে বুলি জানিবলৈ দিয়ে।আগন্তক দিনতো এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিধায়কগৰাকীয়ে সদৰি কৰে।

Your Comments