শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
যি সময়ত একাংশ নৱ প্ৰজন্মৰ যুৱক-যুৱতীয়ে পুৰণিক বিদায় দি নতুনক আদৰাৰ মানসেৰে বিভিন্ন স্থানত আনন্দ উল্লাসত মতলীয়া হৈ পৰা দেখা গৈছিল,তেনে সময়তে 'সহায়' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে পালন কৰিলে ব্যতিক্ৰমী প্ৰয়াস। 'সহায়' নামৰ অনুষ্ঠানটোৱে চহৰৰ সমীপৰ কোঁৱৰপুৰ গেমন দলঙৰ কাষত থকা 'সেৱাশ্ৰম'ত ২০২০ বৰ্ষৰ শেষ দিনটো 'ককা-আইতাৰ লগত মত বিনিময় আৰু আনন্দৰ এসাঁজ' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰে।সংস্থাৰ সদস্যা মুনমী বৰাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্যে ব্যাখ্যা কৰে 'সহায়'ৰ সম্পাদক কল্যাণজ্যোতি বুঢ়াগোহাঁইয়ে। সংস্থাৰ সভাপতি পংকজ টিপমীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত সমূহীয়া প্ৰাৰ্থনাৰে সকলোৰে সু-স্বাস্থ্য কামানাৰে কৰি ককা-আইতাৰ পৰা আৰ্শীবাদ লোৱা হয়।
উল্লেখ যে ২০১৮ চনৰ পৰা সহায়ে সেৱাশ্ৰমৰ ককা-আইতাৰ মাজত এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।তদুপৰি এই বে-চৰকাৰী সংস্থাই বিভিন্ন সময়ত ৰক্তদান, বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি অহা লগতে বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় হৈ আৰ্থিকভাৱে সহায় কৰি আহিছে।
অনুষ্ঠানত ভাস্কৰ শৰ্মা, ৰাজীৱ বৰা, খদ্যোত চুতীয়াকে ধৰি সংস্থাৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
- Log in to post comments
- 94 views