- 132 views
নিউজ ডেস্ক, গুৱাহাটী, ৬ জুলাইঃ অসমৰ যুৱতী বন্যা বৰুৱাই যোৱা মঙলবাৰে জেনেভাস্থিত ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ পৰিষদত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ তীব্ৰ বিৰোধিতা কৰে। খিলঞ্জীয়া মঞ্চ, অসমৰ হৈ ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ পৰিষদত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰা বন্যা বৰুৱাই উল্লেখ কৰে যে এই বিধেয়কে অসমত খিলঞ্জীয়া লোকক সংখ্যালঘুত পৰিণত কৰিব।ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৩৮সংখ্যক অধিবেশনত অংশগ্ৰহণ কৰি বন্যা বৰুৱাই কয়- ‘আমাৰ সংগঠনটোৰ এইটো স্পষ্ট মত যে ভাৰত চৰকাৰে অসমবাসীৰ অধিকাৰক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে।বিধেয়কখন গ্ৰহণৰ বাবে চৰকাৰে গ্ৰহণ কৰা শেহতীয়া স্থিতিয়ে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰাৰ দিশত আগবঢ়াই দিছে। ভাৰতবৰ্ষ গঠন হোৱাৰ সময়তেই অসমে অবৈধভাৱে প্ৰব্ৰজিত বাংলাদেশীৰ বোজা গ্ৰহণ কৰিবলগা হৈছিল আৰু এতিয়া এই বিধেয়কখন গ্ৰহণ কৰিলে ইয়াতকৈ অধিক বোজা বহন কৰিব লাগিব। বলপূৰ্বকভাৱে যদি এই অবৈধ প্ৰব্ৰজনকাৰীসকলক স্বদেশী সজোৱাৰ চেষ্টা কৰা হয়, তেতিয়া ইয়াৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব অসমৰ খিলঞ্জীয়া বাসিন্দাসকল আৰু এইটো ডাৰ্বান ঘোষণা-পত্ৰৰ নীতি আৰু কাৰ্যকৰী আঁচনিৰ পৰিপন্থী। উল্লেখ্য যে বন্যা বৰুৱা হ’ল খিলঞ্জীয়া মঞ্চ, অসমৰ সদস্য আৰু আলফাৰ সাধাৰণ সম্পাদক গোলাপ বৰুৱা ওৰফে অনুপ চেতিয়াৰ কন্যা।