*"মৰাপাট কলটো জীয়াই থাকিলেহে আমি জীয়াই থাকিম" শ্ৰমিক কৰ্মচাৰীলৈ এই আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ*
*কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ,১ জানুৱাৰী:
২০২১ চনৰ পহিলা জানুৱাৰীৰ পুৱাই কলিয়াবৰলৈ আহিল এটা ভাল খবৰ। বহু উৎকণ্ঠাৰ মাজতে আজি পুৱা ছয় বজাত স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই মৰাপাট কলটোৰ চুইছ অন কৰি উৎপাদনৰ শুভাৰম্ভ কৰে মৰাপাট কলটোৰ।মিলটোৰ পদূলিত আয়োজিত এখনি ৰাজহুৱা সভাত ভাষন দি শ্ৰমিক কৰ্মচাৰী সকলক কৰ্ম সংস্কৃতি গঢ়াৰ ক্ষেত্ৰত আহ্বান জনাই কয় "মৰাপাট কলটো জীয়াই থাকিলেহে আমি বোৰ জীয়াই থাকিম" বুলি মন্তব্য কৰে। মন্ত্ৰী মহন্তই কলটো মুকলি কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈ আৰু মহকুমাধিপতি বিতোপন নেওগে ভাষন দি কলটোৰ উন্নতিৰ কল্পে শ্ৰমিক কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ হৈ সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰে ভাষন প্ৰদান কৰে। ভাষন প্ৰসংগত লস্কৰে শ্ৰমিক কৰ্মচাৰীয়ে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি যোৱাৰ লগতে শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মিলটো আগুৱাই নিবলৈ আহ্বান জনাই মিল কৰ্তৃপক্ষক।
- Log in to post comments
- 25 views