ঘগ্ৰাপাৰত ভাৰতীয় ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখা স্থাপনৰ দাবী 'আছু'-যুৱ ছাত্ৰ পৰিষদৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা স্থাপনৰ বাবে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ দল -সংগঠনে দাবী জনাইছে।লগতে সংগঠনকেইটাই ঘগ্ৰাপাৰৰ মাজমজিয়াত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা শাখা স্থাপন কৰি গ্ৰাহক ৰাইজক উপকৃত কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষ তথা প্ৰশাসনক দাবী জনাইছে। উল্লেখ‍্য যে নলবাৰীৰ ৰঙিয়া চহৰতে আছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা। ঘগ্ৰাপাৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১০/১৫ কিলোমিটাৰ।য'ত গ্ৰাহকে ধন উলিৱাবলৈ গৈ বিভিন্ন লটি -ঘটি হোৱাৰ উপৰিও একাংশ লোক দুৰ্বৃত্তৰ কবলত পৰিব লগা ঘটনা সংঘটিত হৈ আছে। উল্লেখ‍্য যে ঘগ্ৰাপাৰত থানা,মেডিকেল,উন্নয়ন খণ্ডৰ কাৰ্যালয়,শিক্ষা বিভাগৰ কাৰ্যলয়,ৰাজহ চক্ৰ,চিডিপিঅ' অফিচ, বনভাগ কলেজ,ঘগ্ৰাপাৰ হাইস্কুল,ছোৱালী হাইস্কুল,এখন বে -চৰকাৰী কলেজ, পশু চিকিৎসালয়, বনভাগ বহুমুখী, মজুমদাৰ ডিপো,ঘগ্ৰাপাৰ ষ্টেচন, চি আৰ পি এফৰ কেম্পকে ধৰি বিভিন্নখন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰায় ৫০০ খনৰ অধিক সৰু-বৰ ব‍্যৱসায় প্ৰতিষ্ঠান গঢ়ি উঠিছে যদিও ষ্টেট বেংক অব ইণ্ডিয়াৰএটা শাখা ঘগ্ৰাপাৰত স্থাপন নোহোৱাত ধন লেনদেনৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। দীৰ্ঘদিন ধৰি বৃহত্তম অঞ্চলটোৰ গ্ৰাহক ৰাইজৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,ঘগ্ৰাপাৰ প্ৰেছ ক্লাব আদিকে ধৰি ঘগ্ৰাপাৰৰ ব‍্যৱসায় প্ৰতিষ্ঠানৰ লগতে স্থানীয় দল-সংগঠনে ঘগ্ৰাপাৰত এটা ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখা স্থাপনৰ বাবে উৰ্ধতম কৰ্তৃপক্ষ তথা প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত মুঠেই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। সেয়েহে পুনৰ ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হীৰকজ‍্যেতি শৰ্মা আৰু যুৱ-ছাত্র পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নৱজ‍্যোতি কলিতা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাকে ধৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ দল-সংগঠনে শীঘ্ৰে ঘগ্ৰাপাৰত গ্ৰাহক ৰাইজৰ সুুুবিধাৰ্থে এটি ষ্টেট বেংক অব ইণ্ডিয়াৰশাখা স্থাপন কৰা বিভাগীয় কৰ্তৃপক্ষ,চৰকাৰ,তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে। লগতে ছাত্ৰ সংগঠন দুুয়োটাই ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত উক্ত শাখা স্থাপন নহ'লে গ্ৰাহক ৰাইজৰ সহায়োগত ব‍্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুুুলিব বুলি হুংকাৰ প্ৰদান কৰিছে।

Your Comments