দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ তাৰেই অংশৰূপে ২৯ ডিচেম্বৰত নলবাৰীৰ বালিলেচাত ভাৰতীয় জনতা দলৰ মৎস্যজীৱী কোষৰ উদ্যোগত অনুষ্ঠিত হয় এখন সজাগতা সন্মিলন ৷ দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত মৎস্যজীৱী কোষে অনুষ্ঠিত কৰা সভাখনত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ফণী শৰ্মা, মুখপাত্ৰ মনোজ বৰুৱাকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী ৷
উক্ত সভাত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰকৃত জাতীয়তাবাদ ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰাৰ সলনি কৰ্ম-সংস্কৃতি গঢ়ি তুলিব লাগিব বুলি ভাষণ প্ৰদান কৰে ৷ নিজৰ প্ৰয়োজনীয় শাক-পাচলি নিজে উৎপাদন কৰি ল'ব লাগিব বুলিও বৰুৱাই কয় ৷ লগতে এচাম লোকে পৰিকল্পিতভাৱে আমাৰ জাতিৰ মেৰুদণ্ড ভাঙি দিছে, সেয়ে স্বাৱলম্বী নহ’লে সন্দেহজনক নাগৰিকে আমাৰ অৰ্থনীতি কাঢ়ি নিব বুলি উল্লেখ কৰে। নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য মতে নিবনুৱাৰ তথ্য শুদ্ধ নহয় বুলিও প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷ সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মাছ উৎপাদনৰ জৰিয়তে অসমীয়া লোকে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে বুলি মন্তব্য কৰে ৷ চৰকাৰে মাছ উৎপাদনৰ বাবে ৰাজ সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সন্মিলনত নলবাৰী বিধায়ক অশোক শৰ্মাই ভাষণত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হোৱাৰ লগতে মৎস্য উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ উল্লেখ কৰে।
- Log in to post comments
- 6 views