পথ মেৰামতিৰ দাবীত হাজোৰ দমদমা 'আছু'ৰ চক্ৰ বিষয়ালৈ স্মাৰকপত্ৰ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

হাজোৰ দমদমা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অগ্ৰণী অনুষ্ঠানখনেই হ'ল দমদমা মহাবিদ্যালয় । এই শিক্ষানুষ্ঠানখনত বহু দূৰ- দূৰণিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি আহিছে । লক্ষণীয় যে মহাবিদ্যালয়খনৰ সন্মুখেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা । যাৰ ফলত ছাত্ৰ-ছাত্ৰী, জনসাধাৰণৰ লগতে চালকসকলো গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । তদুপৰি পথটো জৰাজীৰ্ণ হৈ পৰাৰ বাবে উক্ত স্থানত যান -যটৰ লগতে সময়ে সময়ে দুৰ্ঘটনাৰ সৃষ্টি হৈছে।তাৰেই পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত পথছোৱা শীঘ্ৰেই মেৰামতিৰ দাবীত ৩০ ডিচেম্বৰত দমদমা আঞ্চলিক ছাত্ৰ সন্থাই হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কমল চন্দ্ৰ ডেকা,সভাপতি নিতুমনি দাস আৰু শিক্ষা সম্পাদক প্ৰৱাল কোঁৱৰ ।

Your Comments