অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জাগীৰোডৰ ধৰিত্ৰী কাকতি আমফিৰ সাফল্য

Pic

জাগীৰোডৰ পৰা দীপক কলিতা:

পিতৃ অবিহনেও সফলতা আনিব পাৰি।সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ২০১৮ চনৰ চূড়ান্ত পৰীক্ষাত ৯৪ সংখ্যক স্থান দখল কৰি উৰ্ত্তীণ হ’ল জাগীৰোড বাংঠাই গাঁঁৱৰ জীয়ৰী ধৰিত্ৰী কাকতি আমফি।জাগীৰোড তথা মৰিগাঁও জিলাবাসীলৈ সুনাম কঢ়িয়াই আনিলে জাগীৰোড বাংঠাই গাৱৰ জীয়ৰী ধৰিত্ৰীয়ে।সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত ৯৪ সংখ্যক স্থান দখল কৰি উৰ্ত্তীৰ্ণ হয় ধৰিত্ৰী।প্ৰয়াত মিচময় কাকতি আৰু লক্ষীটি কাকতিৰ প্ৰথম কন্যা ধৰিত্ৰী কাকতিয়ে সৰুতে দেউতাকক হেৰুওৱা স্বত্বেও পঢ়া-শুনা একাগ্ৰতাৰে আগুৱাই নিবলৈ সক্ষম হৈছিল।ভবিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হৈ সমাজ সেৱা কৰিবলৈ আগ্ৰহী ধৰিত্ৰী কাকতি আমফি।

Your Comments