নগাঁৱত দুগৰাকী প্ৰাৰ্থীয়ে অসম অসামৰিক সেৱাত স্থান লাভ কৰাত উৎফুল্লিত নগাঁওবাসী:নাপিতৰ পুত্ৰৰো সাফল্য

Pic

*নাপিতৰ পুত্ৰৰো সাফল্য*

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

মেধাৰ দৌৰত জিলিকি উঠিল নগাঁও। এইবাৰ নগাঁৱৰ এগৰাকী নাপিতৰ পুত্ৰ‌ই লাভ কৰিলে অসম অসামৰিক প্ৰশাসনিক সেৱা বিষয়াৰ পদ ৷ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত নগাঁৱৰ হয়বৰগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰে লাভ কৰিলে ১০৩ সংখ্যক স্থান। পেছাত নাপিত ৰমেশ ঠাকুৰৰ পুত্ৰ ৰাকেশ কুমাৰ ঠাকুৰৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী ৷ নগাঁও চহৰৰ হয়বৰগাঁৱত 'পমী' বিউটি পাৰ্লাৰ নামৰ এখন চেলুন খুলি জীৱন নিৰ্বাহ কৰা ৰমেশ ঠাকুৰে বহু কষ্টৰ মাজেৰে পুত্ৰক উচ্চ শিক্ষা প্ৰদান কৰি আজি পুত্ৰৰ এই সফলতাক লৈ খুবেই আনন্দিত ৷ উল্লেখ যে  পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পৰা biotechnology ত M Sc ডিগ্ৰী লৈ বৰ্তমান নগাঁৱৰ ৰেণেছাঁঁ কনিষ্ঠ মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা ৰাকেশে সমাজ সেৱাই তেওঁ জীৱনৰ একমাত্ৰ লক্ষ্য বুলি মন্তব্য কৰিছে ৷ তদুপৰি, তেওঁৰ এনে সাফল্য সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত ৰাকেশে কয়, "সাফল্যৰ বাবে কঠোৰ শ্ৰমৰ বিকল্প নাই। মই এই পৰীক্ষাৰ অতি কষ্টৰে অধ্যায়নত ব্ৰতী হৈছিলোঁ। যাৰ বাবে মই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছোঁ।" ইপিনে, নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ এম ডি ৰোড নিবাসী উপেন লেখাৰু আৰু চাৰু লেখাৰুৰ কন্যা ৰাখিশ্ৰী লেখাৰুয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৬০ নম্বৰ স্থান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

 

Your Comments