নগাঁৱত কৃষক দিৱসৰ লগত সংগতি ৰাখি কৃষক সজাগতাৰ শিবিৰ

Pic

*৫ জন কৃষকক কৃষি ঋণ প্ৰদান*

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ দক্ষিনপাট ৰাজহুৱা প্ৰেক্ষাগৃহত ২৩ ডিচেম্বৰত কৃষক দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ষ্টেট বেংকৰ খুটীকটীয়া শাখাৰ উদ্যোগত এখন কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হয়।উক্ত সজাগতা সভাত দক্ষিনপাট অঞ্চলৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে। সভাত কৃষকসকলৰ বিভিন্ন অভাৱ অভিযোগৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে কৃষকে চৰকাৰী আঁচনিৰ সা-সুবিধা কেনেকৈ লাভ কৰিব,তাৰ বিষযে বহলভাৱে আলোচনা কৰা হয়। উক্ত সজাগতা সভাত কৃষকে কৃষি ঋণ পাবৰ বাবে আবেদন আৰু গ্ৰহণ কৰিবলগীয়া নিয়মসমূহ বেংক বিষয়াসকলে বহুলভাবে ব্যাখ্যা কৰাৰ লগতে কৃষকৰ সঞ্চয় আৰু কৃষি বীমা কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হয়।এই সভাতেই দক্ষিণপাট অঞ্চলৰ ৫ জন কৃষকক কৃষি ঋণ প্ৰদান কৰাৰ লগতে দুগৰাকী আদৰ্শ কৃষক ক্ৰমে ৰাজুমণি ৰাজখোৱা আৰু ৰীনা শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। সভাত অংশগ্ৰহণ কৰে ভাৰতীয় ষ্টেট বেংকৰ এ জি ম- এ বি অ'- অক্ষয় কুমাৰ,খুটীকটীয়া বেংকৰ মুখ্য প্ৰবন্ধক কেদাৰ নাথ,সহ উপ -প্ৰবন্ধক বিনোদ দে', ক্ষেত্ৰ পৰিদৰ্শক ৰাজকুমাৰ ভকত, ডি এছ এইছ নগাঁৱৰ মুখ্য প্ৰবন্ধক বিজুউদ্দিন আহমেদৰ উপৰি দৃষ্টিৰ মুনীন্দ্ৰ কলিতা,সমুদ্ৰ বৰা আৰু দক্ষিনপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক ভাস্কৰজ্যোতি শইকীয়া। সভাত অঞ্চলটোৰ বয়োজেষ্ঠ কৃষক বনমালী দাসো উপস্থিত থাকে।

Your Comments