শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই,২৪ ডিচেম্বৰ:
শিৱসাগৰ চহৰৰ দলমুখ চাৰিআলিত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰা আৰু জননেতা অখিল গগৈৰ মুক্তিৰ দাবীত এটা মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত ৰূপায়ন কৰা এই মানৱ শৃংখল কাৰ্য্যসূচীত সংগঠনটোৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। সংগঠনটোৰ বিষয়ববীয়াসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ নাগৰিকত্ব সংশোধনী আইন (২০১৯) বাতিল কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ , আৰএছএছ হুচিয়াৰ, বিজেপি হুচিয়াৰ, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰে পৰা আৰম্ভ হোৱা এই 'কা' বিৰোধী আন্দোলন এসপ্তাহলৈকে অব্যাহত থাকিব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্যসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।তদুপৰি,এই আন্দোলন অসমৰ গাৱে-ভূঞে, চহৰে নগৰে,জনতাক লৈ অব্যাহত থাকিব।অসমৰ জনগণৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতেই 'কা' বলৱৎ হোৱাটো স্বীকাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে।
- Log in to post comments
- 31 views