দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নিবনুৱা সমস্যা সমাধানৰ বাবে ব্যাপক কৰ্মসংস্থাপনৰ দাবীত যোৱা ২২ ডিচেম্বৰত ৰাজ্যজোৰা প্ৰতিবাদী বিক্ষোভৰ অংশ হিচাপে নলবাৰীতো ভাৰতৰ ছাত্ৰ ফেডাৰেচন ( এছ এফ আই ) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডিৱাই এফ আই)ৰ নলবাৰী জিলা কমিটীৰ যৌথ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় আৰু নলবাৰী চহৰৰ মাজেৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ এটা প্ৰতিবাদী সমদল উলিওৱা হয়। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবীৰ ভিত্তিত এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় । প্ৰতিবাদস্থলীৰ পৰা এছএফআইৰ অসম ৰাজ্যিক কমিটীৰ আমন্ত্ৰিত সদস্য গাজিউৰ ৰহমান চৌধুৰীয়ে কয় যে আজি ৰাজ্যখনত এছ এফ আই,ডিৱাইএফ আইৰ যৌথ আহ্বানত বিক্ষোভ গঢ়ি তোলা হৈছে।২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতাত অহাৰ পূৰ্বে বছৰি ২ কৌটি নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু একে সুৰত সুৰ লগাই সৰ্বানন্দ সোণোৱালৰ বিজেপিয়ে ২৫ লাখ নিৱনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি দি যুৱ সমাজৰ পৰা ভোট ভিক্ষা কৰিছিল। আজি নিবনুৱাৰ সংখ্যা ৫% বৃদ্ধি হৈছে,২৫ লাখ বাদে,২৫ হাজাৰ নিৱনুৱাৰ সংস্থাপন দিব পৰা নাই।ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰন কৰিছে।ৰাজ্যখনত ২০১৮ চনৰ ৩১ ডিচেম্বৰলৈকে ২০ লাখ নিবনুৱা পঞ্জীয়নভুক্ত, অনাপঞ্জীয়নভুক্ত বাদেই।যি দুটা এটা নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়,তাতো ব্যাপক কেলেংকাৰী অনিয়ম-দুৰ্নীতি সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে।ডি ৱাই এফ আইৰ নলবাৰী জিলাৰ সম্পাদক কুলজিৎ কলিতাই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে আৰু দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদানৰ দাবী জনায়।যেতিয়ালৈকে কৰ্মসংস্থাপন দিবলৈ নোৱাৰে,তেতিয়ালৈকে মাহিলি ৬০০০ হাজাৰ টকাকৈ নিবনুৱা ভাট্টা দিয়াৰ দাবী জনায়।
- Log in to post comments
- 16 views