নুৰুল ইছলাম,চানডুবি,২৩ ডিচেম্বৰ:
কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী পকাপাম,বগালাইন তথা বাকাৰাপাৰাকে ধৰি কেইবাখনো গাৱঁৰ ৰাইজে যুগ যুগান্তৰৰ পৰা নানা সমস্যাৰ উপৰি যাতায়াতৰ দৰে প্ৰধান সমস্যাত ভাৰাক্ৰান্ত হৈ সীমাহীন যন্ত্ৰণা ভুগি আহিছে ৷ কিয়নো ৰাস্তাঘাট,বিশুদ্ধ খোৱাপানীকে ধৰি প্ৰধান সমস্যাসমূহৰ কবলৰ পৰাই মুক্ত হবলৈ সক্ষম নহ’ল ৷ বিশেষকৈ যাতায়াত ব্যৱস্থা সুচল কৰাৰ দাবীত ক্ষোভিত গঞাই বুধবাৰে ৰাজপথলৈ ওলাই আহি তীব্ৰ ক্ষোভ প্ৰদৰ্শন কৰে।
ক্ষুব্ধ পুৰুষ-মহিলাসকলে অসম চৰকাৰ হায় হায়, প্ৰণৱ কলিতা মুৰ্দাবাদ ,আমাক ৰাস্তা লাগিবই আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি যাতায়াতৰ দৰে মূল সমস্যাটো সমাধান নহ’লে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে গঞা ৰাইজে ৷ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টি তথা পলাশবাৰী সমষ্টিৰ ৰাজাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটো ইংৰাজৰ দিনৰে পথটো আজিও অৱহেলিত হৈ থাকিল ৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক প্ৰণৱ কলিতাক বহু আবেদন-নিবেদন কৰাৰ পিছতো কোনো ফল নধৰিল বুলি কয় গঞা ৰাইজে ৷ বিশেষকৈ পথটোৰ কেইবাঠাইতো বাথা নৈখনৰ সুঁতিৰ ওপৰত বছৰেকত দুবাৰকৈ ৰাইজে শ্ৰমদানৰ জৰিয়তে বাঁহৰ সাঁকো সাঁজি লয় ৷ অলপতে এগৰাকী মহিলা সাঁকোৰ পৰা পৰি কোণোৰকমে প্ৰাণৰক্ষা পৰে বুলিও জানিবলৈ দিয়ে ৷ আনকি উক্ত পথৰ দুৰৱস্থাৰ হেতু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা প্ৰসূতিৰ উপৰি অন্যান্য ৰোগীসকলোৰ চিকিৎসা সেৱাকে ধৰি সকলো ক্ষেত্ৰতে যুগ যুগ ধৰি যমৰ যাতনা ভূগি আহিছে।তদুপৰি যদিহে চৰকাৰে অঞ্চলবাসীৰ উক্ত সমস্যাসমূহ অতিশীঘ্ৰে সমাধান নকৰে,তেনেহ'লে মেঘালয়ৰ স’তে চামিল হোৱাৰ সিদ্ধান্ত লব বুলিও হুংকাৰ দিয়ে ৷
- Log in to post comments
- 17 views