নলবাৰীৰ ঘগ্ৰাপাৰত ড্ৰাগছ বিৰোধী সপ্তাহ পালন

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২২ ডিচেম্বৰঃ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আজি ড্ৰাগছ বিৰোধী সপ্তাহৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। ঘগ্ৰাপাৰ অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান বনভাগ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে প্ৰাক্তন ছাত্র নেতা ৰাতুল চন্দ্ৰ ডেকা আৰু উদ্দেশ্য বাখ্যা কৰে আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।উক্ত সজাগতা সভাখনত উপস্থিত ছাত্ৰ- ছাত্ৰী আৰু ৰাইজৰ মাজত বক্তব্য প্ৰদান কৰি চিআই (বেলশৰ)জিতেন্দ্ৰ সিং,বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা,প্ৰৱক্তা প্ৰাণজিৎ বুজৰবৰুৱাই ড্ৰাগছৰ পৰা হোৱা ভয়াৱহতাৰ সন্দৰ্ভত আলোকপাত কৰে। ভাষণ প্ৰসংগত চিআই জিতেন্দ্ৰ সিঙে কয় যে ড্ৰাগছল বাবে মানৱ সমাজ ধ্বংসৰ গৰাহত পৰে।ড্ৰাগছে যুৱ প্ৰজন্মক বিপথগামী কৰি মৃত্যুৰ পথলৈ ঠেলি দিছে।গতিকে ড্ৰাগছৰ পৰা আঁতৰি সুন্দৰ জীৱন যাপন কৰিবলৈ ছাত্র-ছাত্ৰীক আহ্বান জনায়।যদিহে ছাত্র-ছাত্ৰীসকল সজাগ নহয়,এদিন মানৱ সমাজ নিশ্চিহ্ন হ'ব।

Your Comments