দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২১ ডিচেম্বৰঃ
ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ অন্তৰ্গত নখনকৈ গাঁও পঞ্চায়তত আজি দলটোৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়।মণ্ডল সমিতিখনৰ অন্তৰ্গত দেহাৰকুছি,দতৰা,ঘগ্ৰাপাৰ, পুৱ-বনভাগ,খাতিকুছি,আল্লিয়া,দিহজাৰী,বালিতাৰা আৰু চটাইবাৰী পঞ্চায়তত অনুষ্ঠিত হোৱা সভাকেইখনৰ ঘগ্ৰাপাৰৰ সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশি ভাষণ প্ৰদান কৰে।আজি আবেলি চিলিং মধ্য ইংৰাজী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত সভাখনত চিলিং গাঁৱৰ বুথ সভাপতি মানবেন্দ্ৰ হালৈয়ে আঁত ধৰে।
সভাখনত ডাঃমৃগাংক তালুকদাৰে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক মানসিকভাৱে সাজু হ'বলৈ আহ্বান জনায়।নিজৰ ভাষণত নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ নি বিতংভাৱে বুজাই দিবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনায়। চাণক্য,কুশল কোঁঁৱৰ,বীৰ চাভাৰকাৰ আৰু পৃথ্বিৰাজ চৌহান শক্তিকেন্দ্ৰৰ উদ্যেগত আয়োজিত সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা, প্ৰাক্তন সভাপতি মৃদুল কলিতায়ো ভাষণ প্ৰদান কৰে।উক্ত সভাখনত ৰাজ্যিক সমবায় কোষৰ সদস্য ভ্ৰমৰ মজুমদাৰ, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী, উপ-সভানেত্ৰী বিনীতা মজুমদাৰ,নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কুলদ্বীপ কলিতা,শক্তিকেন্দ্ৰৰ আহ্বায়ক বীৰেণ ডেকা,চামচুল আলী আদিয়ে অংশগ্ৰহণ কৰে।উক্ত সভাত ১৫ খন বুথ সমিতিৰ বিষয়ববীসকলৰ লগতে তিনিশতাধিক দলীয় কৰ্মী সমৰ্থক উপস্থিত থাকে।ইপিনে,বৰাজোল আৰু খাতিকুছিত অনুষ্ঠিত হোৱা উক্ত কাৰ্যকৰ্তা সন্মিলনখনত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক আগন্তুক বিধানসভা নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনায়।বুথ সভাপতি উকিল শীলে আঁত ধৰা সভাখনত বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ লগতে ইয়াৰ সদ্ ব্যৱহাৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায়।নেতাগৰাকীয়ে লগতে কয় যে আগন্তুক ২০২১ত ৰাজ্যত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত যদিও নলবাৰী সমষ্টিৰ পৰা ১ লাখ ২০ হাজাৰ ভোট দিয়াৰ বাবে সংকল্প ল'বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায়।সভাখনত পূব-বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী-কাউন্সিলাৰ ক্ৰমে নমিতা ৰাজবংশী,মণিকা ভৰালীসহ প্ৰায় তিনিশতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।আনহাতে,দতৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুৱাকুছি ১৯৪ বুথত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনখনত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,দতৰা গাঁও পঞ্চায়তৰ প্ৰভাৰী শ্যামন্ত শৰ্মা,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা আদি উপস্থিত থাকে। সভাখনৰ আঁত ধৰে বিজেপি কৰ্মী মুকতাৰ ৰহমানে।সভাত নিতুল ডেকাই বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনায়।সভাখনত প্ৰায় তিনিশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।উল্লেখ্য, ৰাজ্যিক বিজেপিৰ নিৰ্দেশত নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডল এলেকাত অনুষ্ঠিত সংশ্লিষ্ট সভাকেইখনে যেন আজি এক আগন্তুক বিধানসভা নিৰ্বাচনৰ বতাহ বলাই থৈ গ'ল বুলি চৰ্চা হৈছে।বিৰোধী এতিয়ালৈ নীৰৱ- নিতাল হৈ থকা বুলিও চৰ্চিত হৈছে।
- Log in to post comments
- 65 views