গুৱাহাটীৰ কাহিলীপাৰা নিবাসী প্ৰয়াত ড° অনামিকা বৰ্মন আৰু গীতাশ্ৰী বৰ্মনৰ সোঁৱৰণত দিছপুৰ প্ৰেছ ক্লাবত যোৱা ১৫ ডিচেম্বৰৰ বিয়লি ৪ বজাত 'দুহিতা স্মৰণ আৰু গ্ৰন্থ-উন্মোচনী সভা' অনুষ্ঠিত কৰা হয় । বিশিষ্ট সমাজকৰ্মী বিজন বিহাৰী দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত কবিতা পুথি 'মানৱী - মাতৃ স্নেহালয়ত' গ্ৰন্থখন উন্মোচন কৰে গীতিকাৰ-অধ্যাপক ড° দীনেশ বৈশ্যই । দুহিতাৰ মাতৃ ৰীণা দেৱী বৰ্মন ৰচিত তেখেতৰ প্ৰথমখন কবিতা পুথি ৰচনাৰ সম্পৰ্কত নিজৰ অভিজ্ঞতাৰে বক্তব্য ৰাখে । ড° দীনেশ বৈশ্যই তেওঁৰ উন্মোচনী ভাষণত উল্লেখ কৰে ৰীণা দেৱী বৰ্মনৰ কবিতা পুথিখন সমাজৰ দাপোণ স্বৰূপে প্ৰকাশ কৰালে । সভাৰ আৰম্ভণিতে দুহিতা পিতৃ প্ৰভাত বৰ্মন আৰু মাতৃ ৰীণা দেৱী বৰ্মনে বন্তি প্ৰজ্বলন কৰাৰ পিছতে কেইবাগৰাকীও উপস্থিত থকা ব্যক্তিয়ে পুষ্পাঞ্জলি তৰ্পণ কৰে । অনুষ্ঠানৰ আঁত ধৰে ভূপালী দেৱীয়ে আৰু নিজৰা দেৱীয়ে । লেখিকাক সমজুৱাভাৱে পৰিচয় আগবঢ়ায় ৰাজীৱ হৰি কৌশিকে । অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী বনস্মিতা শৰ্মা আৰু কাংক্ষিতা শৰ্মাই বৰগীত পৰিৱেশন কৰে । উল্লেখযোগ্য যে উচ্চশিক্ষাৰে শিক্ষিত ড° অনামিকা বৰ্মন আৰু গীতাশ্ৰী বৰ্মনে যোৱা বছৰ ১৭ জুলাই আৰু ২ নৱেম্বৰ তাৰিখে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
- Log in to post comments
- 16 views