নগাঁও বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল উৎখাত

LPic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে জিলা সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটা বন বিভাগৰ অভিযানকাৰী দলে শুকুৰবাৰে বঢ়মপুৰ অঞ্চলৰ হাজৰিকা চ'কত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দলটোৱে এটা গোপন খবৰৰ ভিত্তিত বিয়লি প্ৰায় ৩ বজাত এঘৰ লোকৰ পিছফালে চোৰাংভাৱে চলাই থকা অবৈধ কাঠফলা মিলটো আৰু ডিজেল জেনেৰেটৰ জব্দ কৰাৰ লগতে মিলটোৰ পৰা কিছু পৰিমানৰ চেগুন গছৰ কুন্দা জব্দ কৰি নগাঁও সদৰ কাৰ্যালয়লৈ লৈ আহে।জানিব পৰা মতে এই অবৈধ কাঠমিলটো বঢ়মপুৰ অঞ্চলৰ হাজৰিকা উপাধিৰ এজন লোকৰ। লোকজনে বন বিভাগৰ চকুত ধূলি দি নিৰ্ভিঘ্নে দীৰ্ঘদিন ধৰি অতি মূল্যৱান পাহাৰীয়া গছ ফালি কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল।এই খবৰ লাভ কৰাৰ পাছৰে পৰা বন বিভাগৰ লোকে মিলটো উৎখাত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হোৱা নাছিল।শুকুৰবাৰে বন বিভাগৰ অভিযানকাৰী দলটোৱে এটা নিদিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই মিলটো উৎখাত কৰে।

Your Comments