বনভাগ মহাবিদ্যালয়ৰ পুথিভঁৰালসহ এদিনতে সাতটা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ বিধায়ক অশোক শৰ্মাৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীৰ বিধায়ক অশোক শৰ্মাই ১৭ ডিচেম্বৰত ঘগ্ৰাপাৰ অঞ্চলত সাতটাকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। বিধায়কগৰাকীয়ে ঘগ্ৰাপাৰস্থিত বনভাগ কনিষ্ঠ মহাবিদ্যালয়ত পুথিভঁৰালৰ গৃহ এটি মুকলি কৰাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত দতৰা গাঁও পঞ্চায়তৰ দক্ষিণগাঁওত নিৰ্মাণৰত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হবলগীয়া এটা পথৰ লগতে দেহাৰকুছি গাঁও পঞ্চায়তত পাঁচটা উন্নয়নমুলক আঁচনিৰ শুভাৰম্ভ কৰে।

Pic

বিধায়ক এলেকা উন্নয়ন পুঁজিৰ আৱন্টিত ধনেৰে ১০ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বনভাগ কনিষ্ঠ মহাবিদ্যালয়ত পুথিভঁৰালটো শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে ছাত্ৰ -ছাত্ৰী ক উদ্দেশে পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। অধ্যয়ন বিমুখতাই সমাজত বিশৃংখল সৃষ্টি কৰে বুলি বিধায়কগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰি অধ্যয়নৰ জৰিয়তে এখন সমাজ আৰু দেশৰ উন্নতি বুলি সদৰী কৰে। নিজৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে অধ্যয়ন কৰিবই লাগিব বুলি তেওঁ আঙুলিয়াই দি নিজৰ জীৱনৰ অমূল্য সময় নষ্ট নকৰিবলৈও ছাত্র -ছাত্ৰীসকলক বিধায়কগৰাকীয়ে আহ্বান জনায়। পুথি সংগ্ৰাহালয় আৰু অধ্যয়ন কক্ষৰ সুবিধাৰে নিৰ্মাণ কৰা পুথিভৰাল শুভাৰম্ভ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অচ‍্যুত গোস্বামী,অধ‍্যক্ষ যোগেন্দ্ৰ কলিতা, পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী,আঞ্চলিক পঞ্চায়তৰ সদস্যা মনিকা ভৰালী,বিজেপি নেতা ডিম্বেশ্বৰ বেজবৰুৱাকে ধৰি বহু সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। ইপিনে বিধায়কগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা এছ অ পি ডি আঁচনিৰ অধীনত ১.১৮ কোটি ব‍্যয় সাপেক্ষে দক্ষিণগাঁওৰ নিৰ্মানৰ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ বি আৰ মেধি হাইস্কুল সংযোগী পথৰ লগতে দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাৰ বিভিন্ন গাৱঁত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানৰে মুঠ ৫ টা আঁচনিৰ কাম শুভাৰম্ভনি কৰে৷বৃহস্পতিবাৰে পুৱা ১১ বজাত বিধায়কগৰাকীয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফনীনাথ লহকৰ সমন্বিতে একাংশ দলীয় কৰ্মীক লগত লৈ চতমা ব্ৰাক্ষণছমাৰকুছি চুবুৰীৰ এটি পথৰ শুভাৰম্ভনি কৰে৷ইয়াৰ পিচতে ক্ৰমে লৰমা বটাকুছিৰ দৌল মন্দিৰ চাৰিবেৰ নিৰ্মাণ, পুৰ্ণদৌচপৰা সৰু দৌলৰ ভোগঘৰ নিৰ্মাণ, চ'তমা প্ৰাথমিক বিদ্যালয়ৰ পৰা ৰবিন শৰ্মা ঘৰ সংয়োগী পথকে ধৰি কেইবা লাখ টকাৰ অনুদানৰে আৱন্টিত আঁচনি সমূহৰ শুভাৰম্ভনি কৰে৷বিধায়কগৰাকীক কাৰ্য্যসূচীত বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক মনোজ ডেকা, মৃগেন শৰ্মা,প্ৰাক্তন সম্পাদক চন্দন ডেকা, বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাৰ উপৰিও দলীয় কাৰ্য্যকৰ্তাসকলে সহযোগিতা আগবঢ়ায়৷

Your Comments