দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
যোৱা ২০ নৱেম্বৰ তাৰিখে নলবাৰীৰ অময়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত দহটা ডকাইতক গ্ৰেপ্তাৰ কৰে নলবাৰী আৰক্ষীয়ে।ডকাইতি কাণ্ডৰ লগত জড়িত এই বৃহৎ গেংটোত ওডালগুড়ি, মুকালমুৱা, বৰপেটাকে ধৰি কেইবাখনো জিলাৰ যুৱক-যুৱতী জড়িত হৈ থকা বুলি আৰক্ষীয়ে তথ্য সদৰি কৰিছে।আনহাতে,ডকাইতৰ গেংটোৱে কেইবাখনো জিলাত ইতিমধ্যে ডকাইতি কাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।১৬ নৱেম্বৰত নলবাৰী আৰক্ষীয়ে দহটাক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা পিষ্টল,আঠ জাঁই সজীৱ গুলী,দুই লাখ নগদ ধন,দুটা বেগ,এযোৰ জোতা,দুখন চাৰিচকীয়া বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে।লক্ষণীয়ভাৱে এই ডকাইতি কাণ্ডৰ লগত জড়িত আন কেইবাটাও ডকাইতক এই মুহূৰ্তলৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অতি শীঘ্ৰে নলবাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 9 views