*ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পলিং আৰু প্ৰিজাইদিং বিষয়া কৰ্মচাৰী*
#মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন।মধ্য অসমৰ বিশেষকৈ মৰিগাঁও,নগাঁও আৰু কামৰূপ(ম) জিলা প্ৰশাসনক সামৰি অনুষ্ঠিত হবলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে নিজ নিজ জিলা প্ৰশাসনে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পৰ্ণ কৰি তুলিছে। ইয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলা প্ৰশাসনেও তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লীনা দাসে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্রত সকলো শ্ৰেণী ৰাইজৰে পূৰ্ণ সহায় সহযোগীতা কামনা কৰিছে। তদুপৰি আৰক্ষীৰ অধীক্ষক ড০ নন্দ সিং বৰকলাৰ নেতৃত্বত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ইতিমধ্যে সকলো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি তুলা বুলি প্ৰকাশ কৰিছে।উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত মৰিগাঁও জিলাত ১৯ টা সমষ্টিৰে ১৮ টা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন। সেই অনুসৰি জিলাখনৰ ১৮ টা সমষ্টিত ৫৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৪৩,৬৫৫ জন ভোটাৰে।জিলাখনত নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ৮৪১ জন পলিং বিষয়াক নিয়োগ কৰা বুলি প্ৰকাশ কৰিছে। নিৰ্বাচনৰ বাবে নিয়োগ কৰা পলিং বিষয়া সকলে বুধবাৰৰ পুৱাৰে পৰা নিজ নিজ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে মৰিগাঁও মহাবিদ্যালয় খেল পথাৰৰ পৰা। আৰু কাইলৈ পুৱাৰে পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হব। ইফালে নিৰ্বাচনী যুঁঁজত অৱতীৰ্ণ হোৱা বিজেপি,কংগ্ৰেছ,অগপ,তিৱা জাতীয় ঐক্য মঞ্চ,আপ আদি কৰি ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত বুলি প্ৰকাশ কৰিছে যদিও তিৱা স্বায়ত্ত পৰিষদৰ এলেকাৰ ভোটাৰ ৰাইজে কাৰ পক্ষত ৰায় দান প্ৰদান কৰিব সেইয়া ফলাফল ঘোষণাৰ দিনাহে সকলো প্ৰতিচ্ছবি স্পষ্ট হৈ পৰিব।
- Log in to post comments
- 27 views