দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৬ ডিচেম্বৰঃ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত চত্ৰাত পথৰ দাঁতিত আজি এগৰাকী প্ৰায় ৪৫ বছৰীয়া ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় একাংশ ৰাইজে আজি পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। উক্ত মৃতদেহটো নলবাৰী সদৰ থানাৰ অন্তৰ্গত বৰমুৰিকোণাৰ গণেশ ডেকাৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে।দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গণেশে অইন দিনাৰ দৰে কালিও পুৱাই ঘৰৰ পৰা কামৰ সন্ধানত ওলাই আহিছিল যদিও নিশা পৰ্যন্ত ঘৰ নোপোৱাত বিচাৰ-খোচাৰ কৰাত আজি পুৱা তেওঁৰ মৃতদেহটো উক্ত স্থানত উদ্ধাৰ কৰে। গণেশ ডেকাৰ স্বাভাৱিক মৃত্যু নে এয়া হত্যাকাণ্ড বৰ্তমানো জানিব পৰা নাই। তেওঁৰ মৃত্যুৰ আচল ৰহস্য মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব।
- Log in to post comments
- 53 views