নলবাৰীত বৰেণ্য সংগীত শিল্পী প্ৰয়াত শ্যাম দত্তক সোঁঁৱৰ‌ণ

Pic
*সহোদৰৰ হিয়াৰ মেল* দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৪ ডিচেম্বৰঃ বৰেণ্য সংগীত শিল্পী,খেলুৱৈ, সমাজকৰ্মী প্ৰয়াত শ্যাম দত্তৰ দেওবাৰে নলবাৰী পল্লা ৰোডৰ প্ৰয়াত দত্তৰ বাসগৃহত 'সহোদৰৰ হিয়াৰ মেল' অনুষ্ঠানেৰে সোঁৱৰণ কৰা হয়।নলবাৰীৰ সমাজ জীৱনৰ নেতৃত্ব বহন কৰি সাধনালব্ধ প্ৰয়াসেৰে উত্তৰণৰ দিশত আগবঢ়া শ্যাম দত্তৰ বিশাল কৰ্মৰাজি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিক,নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই।ডঃ ভট্টাচাৰ্যই তেওঁৰ ছাত্রকালৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈ শ্যাম দত্তৰ সৈতে কটোৱা বন্ধুত্বৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ স্মৃতি ৰোমন্থন কৰে । সহোদৰৰ হিয়াৰ মেলৰ আহ্বায়ক মনোজ ভট্টাচাৰ্যই আঁত ধৰা উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ডঃ ৰবীন দাস।হিয়াৰ মেলত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই বিশিষ্ট লোকৰ বিয়োগৰ পিছত সোঁঁৱৰণৰ এই প্ৰচেষ্টা নতুন প্ৰজন্মৰ সমাজ স‌ংগঠকসকলৰ বাবে আশাপ্ৰদ হ'ব বুলি মতপোষন কৰে।চিত্রশীল্পী অবিনাশ মজুমদাৰে প্ৰয়াত দত্তৰ সৈতে কটোৱা বহু স্মৃতি ৰোমন্থন কৰে।নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা,শিল্পী অনিল বৰকটকী,উদয় কলিতা,উৎপল শৰ্মা,অৱসৰী শিক্ষক প্ৰদীপ শৰ্মা,নৃপেন শৰ্মা,অঞ্জলি দত্ত, ৰমেন দত্তৰ উপৰিও সহোদৰৰ আহ্বায়ক ৰূপম তালুকদাৰ,নুপুৰ দত্ত, ধনজিত দত্ত, প্ৰণৱ শৰ্মা উপস্থিত থাকে।বিশিষ্ট শিল্পী প্ৰয়াত শ্যাম দত্তৰ বাল্যবন্ধু অশীতিপৰ ননীগোপাল গোস্বামীৰ গীত,প্ৰয়াত দত্তৰ অনুপ্ৰেৰণাৰে সংগীত জগতত খোজ দিয়া বিশিষ্ট সংগীত শিল্পী অনিল বৰকটকী আৰু প্ৰয়াত দত্তৰ কন্যা লনিমা দত্তৰ গীতে হিয়াৰ মেল আকৰ্ষনীয় কৰি তোলে। সহোদৰৰ সমন্বয়ক দিলজিৎ বৰ্মন আৰু পংকজ বৰ্মনে ২০১০ চনৰ পৰা ২০২০ চনলৈ সহোদৰ আৰু নলবাৰী মহোৎসৱৰ সৈতে জড়িত হৈ পৰলোকগামী হোৱা বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত অনুষ্ঠিত হিয়াৰ মেলত অংশগ্ৰহণ কৰা সদৌটিকে ধন্যবাদ জ্ঞাপন কৰে।

Your Comments