দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসমৰ আগশাৰীৰ সাহিত্য- সংস্কৃতিমূলক অনুষ্ঠান 'বাসনা সাহিত্য গোষ্ঠী'ৰ উদ্যোগত ১৩ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধিয়ে পৰিচালনা কৰা সভাখনত 'ৰুণু দেৱী শৰ্মাৰ নিৰ্বাচিত কবিতা' শীৰ্ষক কাব্যগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।নানা ঘাত-প্ৰতিঘাতৰ মাজত থাকি ৰুণু দেৱী শৰ্মাই সাহিত্য সাধানা কৰি থকাৰ বাবে চক্ৰৱৰ্তীয়ে শলাগ লয়।একেটা অনুষ্ঠানত দহগৰাকী প্ৰতিযোগীক ৰুণু দেৱী শৰ্মাৰ স্বামী প্ৰয়াত দিবাকৰ শৰ্মা সোঁৱৰণী কাব্য পুৰস্কাৰ প্ৰদান কৰা হয়।ইয়াৰ উপৰিও সংবাদ,সাহিত্য,সমাজসেৱা আদি দিশত অনবদ্য অৰিহণা আগবঢ়োৱাৰ বাবে অমৰজ্যোতি দাসক মানৱ সেৱা বঁটা;ড°কিশোৰ হাজৰিকাক বৰ্ষশ্ৰেষ্ঠ সমাজসেৱক বঁটা;দিগন্ত কুমাৰ নাথ;দেৱীপ্ৰসাদ অধিকাৰীক ৰত্নেশ্বৰ মেধি সোঁৱৰণী কাব্য বঁটা;বুলি ভূঞাক জীৱনজোৰা সাধনা বঁটা;ৰঞ্জিতা পেগু ; লোহিত গগৈ ; অতুল বৰ্মন ; শ্ৰীধৰ ডেকা ; অনুপম দত্তক জাহ্নৱী বৰুৱা সোঁৱৰণী বঁটা ; কেশৱ চন্দ্ৰ বৰা ; নিৰু লস্কৰ;অমিয়া দাস ; তৰুণ চন্দ্ৰ দাসক ৰশ্মিপ্ৰিয়া মেধি সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ সভাখনত বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ নাথ ; বিশিষ্ট সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী ; বিশিষ্ট কবি ধীৰেণ শইকীয়া ; দেৱপ্ৰসাদ তালুকদাৰ অতিথি হিচাপে উপস্থিত থাকে।
- Log in to post comments
- 16 views