নুৰুল ইছলাম,চানডুবি,১৩ ডিচেম্বৰ:
কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত ঐতিহাসিক চানডুবি বিল।এই মনোৰম বিলখনৰ অপূৰ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ হেতু এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় স্বেচ্ছাসেৱী সংস্থা চানডুবি টুৰিজিম ডেভেল'পমেণ্ট ছচাইটিয়ে।বিশেষকৈ বিলখনৰ পাৰৰ সেউজীয়া উপত্যকাত জুই জ্বলাই ভোজভাত ৰন্ধা-বঢ়া,খোৱা -লোৱাৰ উপৰি বিলখনৰ চৌপাশৰ পৰিৱেশৰ মাজত যিকোনো ধৰণৰ উচ্চ স্বৰীয় শব্দ-যন্ত্ৰৰ গান- বাজনা,বাদ্যযন্ত্ৰৰ উপৰি যিকোনো দৃশ্য গ্ৰহণৰ বাবে ড্ৰোণ কেমেৰাৰ ব্যৱহাৰৰ পৰাও বিৰত থাকিবলৈ অনুৰোধ জনাইছে।কিয়নো বিলখনৰ জলভাগ মাছ-কাছকে ধৰি অনেক কীট-পতংগৰ উপৰি কিছুমান দুষ্প্ৰাপ্য জলজ প্ৰাণীৰ বসতিস্থল।তদুপৰি,বিলখনৰ পাৰৰ ঘন সেউজীয়া অৰণ্য ভূমিও অনেক বনৰীয়া জীৱ-জন্তুৰ লগতে ৰং-বিৰঙৰ পক্ষীকুলৰ মুক্ত বিচৰণথলী।তেনেক্ষেত্ৰত বিলখনৰ অনুপম জৈৱ বৈচিত্ৰ্যৰ পৰিপন্থী সকলো ধৰণৰ কাৰ্যৰ পৰা প্ৰকৃতিপ্ৰেমী ৰাইজক বিৰত থাকি প্ৰকৃতি সুৰক্ষাৰ হেতু সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংস্থাটোৱে৷
- Log in to post comments
- 61 views