ঘগ্ৰাপাৰৰ সাগৰকুছি-খাটিকুছিত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ দশম মৃত্যু তিথি উদযাপন

Pic

*লোকগীতৰ শিল্পী ধনদা পাঠকক ৰাজহুৱা সম্বৰ্ধনা*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাটিকুছি-সাগৰকছি চ'কৰ শ্ৰীশ্ৰীদুৰ্গা মন্দিৰ প্ৰাঙ্গণত উত্তৰ-পূব নলবাৰী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ১২ ডিচেম্বৰত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ দশম মৃত্যু তিথি উদযাপনৰ লগতে এটা সম্বৰ্ধনা অনুষ্ঠান দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰে।পুৱা লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ক্ৰমে পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰাণী ভূঞা আৰু লোকগীতৰ শিল্পী কেশৱ কলিতাই।শ্বহীদ তৰ্পণ কৰে।সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই।তাৰ পিছতে ৰামেশ্বৰ পাঠকৰ স্মৃতিত লোকগীতৰ অনুষ্ঠান উদ্বোধন কৰে লুইত একাডেমী জুনিয়ৰ কলেজৰ সঞ্চালক তথা বিশিষ্ট সংগীত শিল্পী মনোৰঞ্জন ভাগৱতীয়ে।

Pic

অনুষ্ঠানটোত বৃহত্তৰ খাটিকুছি- সাগৰকুছি অঞ্চলৰ শতাধিক পুৰুষ- মহিলা,ছাত্ৰ-ছাত্ৰীয়ে লোকগীতৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই বিভিন্ন লোকগীত পৰিৱেশন কৰে।বিয়লি সাংস্কৃতিক মহাসভা,অসমৰ জীৱনযোৰা সাধনা বঁটা প্ৰাপক আৰু ড: ভূপেন হাজৰিকা বঁটাপ্ৰাপক কামৰূপী লোকগীতৰ প্ৰথিতযশা শিল্পী ধনদা পাঠকক উদযাপন সমিতিৰ সভাপতি খনীন্দ্ৰ কলিতা,কাৰ্যকৰী সভাপতি গোবিন্দ কলিতা, সম্পাদক কমল দাস, বিনয় কলিতা, সঞ্জীৱ কলিতাই এখন ফুলাম গামোচা, চেলেং চাদৰ, পিতলৰ শৰাই, ফুলাম জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উত্তৰ-পূব নলবাৰী সাংস্কৃতিক গোষ্ঠী,বিষ্ণুজ্যোতি সাংস্কৃতিক সংঘ, দুৰ্গা মন্দিৰ পৰিচালনা সমিতি, ৰূপম সংগীত বিদ্যালয়, বনভাগ ঘোঁহকুছি হাইস্কুল, জ্ঞানদ্বীপ সংঘ, ৩ নং সাগৰকুছি শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ প্ৰাথমিক শাখা, হৰিদ্বাৰ গোপালধাম যোগাশ্ৰম আদি কৰি অঞ্চলটোৰ বিভিন্ন সংগঠন আৰু ব্যাক্তিয়ে বিশিষ্ট লোকগীতৰ শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি শিল্পী ধনদা পাঠকে কথা আৰু বহুতো কালজয়ী গীত পৰিৱেশন কৰাত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে। সম্বন্ধনা অনুষ্ঠানটোৰ আঁঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক কমল দাসে । সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে অঞ্চলটোৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে লোকগীত পৰিৱেশন কৰে । অনুষ্ঠানটোত সদৌ অসম ছাত্র সন্থাৰ কাৰ্য্যনিবাহক সদস্য ৰিয়াজউদ্দিন আহমেদ,প্ৰাক্তন বিধায়ক চন্দ্ৰ কলিতাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Your Comments