নিৰ্মীয়মাণ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত গৌতম কন্সষ্ট্ৰাকচন কোম্পানীৰ অতপালি:প্ৰাপ্য ধন বিচাৰি অহা শ্ৰমিকক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৬ ডিচেম্বৰঃ ঘগ্ৰাপাৰৰ সমীপৰ দক্ষিণগাঁৱত নিৰ্মিয়মান নলবাৰী মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰ দায়িত্ব লাভ কৰা গৌতম কনষ্ট্ৰাকচনৰ এগৰাকী চৰ্দাৰে লোৰ ৰ'ডেৰে ৫ ডিচেম্বৰৰ সন্ধিয়া গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি এগৰাকী স্থানীয় শ্ৰমিকক হত্যা কৰা ঘটনাত সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বিগত দুদিন পুৰ্বে এই নিৰ্মাণকাৰী সংস্থাটোৰ এখন তীব্ৰবেগী ডাম্পাৰে এগৰাকী বৃদ্ধক খুন্দিওয়াৰ ফলত মৃত্যু হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতে শনিবাৰে সংঘটিত এই ঘটনাই অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে। ঘটনাৰ বিৱৰনী অনুসৰি ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত আমৰা গাঁৱৰ প্ৰয়াত নগেন দাসৰ পুত্ৰ মহেশ দাস (৪০) গৌতম কনষ্ট্ৰাকশ্বনৰ অধীনত অস্থায়ী শ্ৰমিক হিচাপে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণৰ কামত জড়িত হৈ আছিল।শনিবাৰে বিয়লি প্ৰায় ৪-৩০ মান বজাত শ্ৰমিক মহেশ দাসে নিৰ্মাণকাৰী সংস্থাৰ চৰ্দাৰ চাহিল আলীক যোৱা মাহৰ কাম কৰাৰ হিচাপ দাখিল কৰাৰ লগতে পূৰ্বৰ দুমাহৰ প্ৰাপ্য মজুৰি আদায় দিবলৈ অনুৰোধ কৰিছিল।ইয়াতে চৰ্দাৰ চাহিল আলী নামৰ চৰ্দাৰগৰাকীয়ে উত্তেজিত হৈ মহেশৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। এসময়ত চাহিলে ওচৰতে থকা ৰ'দেৰে মহেশক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাত নিৰ্মীয়মাণ চিকিৎসালয়খনতে মহেশৰ মৃত্যু হয়।ইপিনে ঘটনাটো গাপ দিয়াৰ লক্ষ্যৰে সংস্থাটোৰ বিতৰ্কিত পৰিচালক দিগন্ত গগৈয়ে একাংশ শ্ৰমিকৰ হতুৱাই মহেশক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁ মৃত বুলি ঘোষণা কৰে। মহেশৰ মৃতদেহৰ ৰিপোৰ্ট বৰ্তমানলৈ অহা নাই যদিও কঁকাল আৰু হাতত আঘাতৰ চিন স্পষ্ট হোৱাত চিকিৎসকে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি এক সূত্ৰত প্ৰকাশ কৰিছে।ইফালে অতি অমায়িক বুলি অঞ্চলটোত খ‍্যাত মহেশ দাসক ধুবুৰী জিলাৰ চৰ্দাৰ চাহিল আলীয়ে হত্যা কৰাৰ ঘটনা দেওবাৰে পুৱা পোহৰলৈ অহাত অঞ্চলটোৰ ৰাইজে উত্তেজিত হৈ পৰে আৰু নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ মুখ্যদ্বাৰত পাঁচশতাধিক লোক সমবেত হৈ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ঘগ্ৰাপাৰ দামোদৰধাম পথটো অৱৰোধ কৰে।ধৰ্ণাকাৰীসকলে মহেশ দাসৰ হত্যাকাৰীক ফাঁচী দিয়ক, মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক, গৌতম কনষ্ট্ৰাকশ্বনৰ মূৰ্দাবাদ আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। আবেলি ৪ মান বজাত মহেশৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত পোনে পোনে নিৰ্মাণৰত চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদলৈ অনাৰ পূৰ্বৰে পৰা জুম বান্ধি থকা ৰাইজ দ্বিতীয়বাৰলৈ উত্তেজিত হৈ মহেশ দাসৰ হত্যাৰ সুবিচাৰ দাবী কৰে। এসময়ত পৰিস্থিতি ইমানেই উত্তেজিত হৈ পৰে যে ৰাইজে চিকিৎসা মহাবিদ্যালয়খনত মুখ্য প্ৰৱেশদ্বাৰো ভাঙিবলৈ উদ‍্যত হয়। অৱশ্যে পুৱাৰে পৰা ঘটনাস্থলীত বৃহৎসংখ্যক আৰক্ষী মোতায়েন কৰাত পৰিস্থিতি শান্ত হয়। সন্ধিয়া মৃতকৰ প্ৰতিনিধি আৰু গৌতম কনষ্ট্ৰাকশ্বনৰ প্ৰতিনিধি , চক্ৰ বিষয়া আৰু আৰক্ষীৰ আলোচনা মৰ্মে মৃত মহেশ দাসৰ পৰিয়ালক বিশ লাখ টকা ক্ষতিপূৰণ হিচাপে নিৰ্মাণকাৰী সংস্থাটোৱে আগবঢ়াব বুলি লিখিত চুক্তি কৰে। চুক্তি অনুসৰি কাইলৈ দহ লাখ আৰু অহা তিনি মাহৰ ভিতৰত আন দহ লাখ টকা আদায় দিব।ইফালে, হত্যাকাৰী চাহিলৰ সন্ধানত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে যদিও ইতিমধ্যে ঘটনা সংঘটিত কৰিয়েই তেওঁ পলায়ন কৰা বুলি জানিব পৰা গৈছে। গৌতম কনষ্ট্ৰাকশ্বনৰ পৰিচালক দিগন্ত গগৈৰ মইমতালিতে উক্ত হত্যাকান্ড সংঘটিত হোৱা বুলি একাংশ ৰাইজে দাবী তুলিছে।এইগৰাকী পৰিচালকক উৰ্ধতম কৰ্তৃপক্ষই অপসাৰন নকৰিলে পুনৰ উক্ত স্থানত আন হত্যাকাণ্ড সংঘটিত যে হ'ব সেয়া নিশ্চিত বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে।

Your Comments