দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৬ ডিচেম্বৰঃ
সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম জিলা ছাত্ৰ সন্থা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ঘগ্ৰাপাৰ বনভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । উক্ত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ সমন্বিতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা , নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাৰ লগতে সমূহ জিলা কাৰ্যনিৰ্বাহকসকল উপস্থিত থাকে। সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় কুমাৰ ডেকাই।সদ্যপ্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে সদৌ অসম ছাত্ৰ সন্থাত তেওঁৰ প্ৰথম দিনটোৰ পৰা ৰোমন্থন কৰি কেনে ধৰণেৰে সাংগঠনিক ভেটি সুদৃঢ় কৰিব পাৰি, সেই বিষয়ে সাৱলীল বিশ্লেষণ আগবঢ়ায় । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদে আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰি ভৱিষ্যত দিনত বৃহত্তৰ নলবাৰী জিলাত শৈক্ষিক আৰু সাংগঠনিক দিশটো কি হিচাপে আগবঢ়াই লৈ যাব সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
কাৰ্যনিৰ্বাহক সভাই কা' বাতিলৰ দাবীত অতি শীঘ্ৰে এটা বৃহৎ কাৰ্যসূচী ৰূপায়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বিভিন্ন গাওঁ পঞ্চায়তত সংঘটিত হোৱা বৃহৎ দুৰ্নীতিৰ প্ৰতিবাদত আঞ্চলিক ছাত্ৰ সন্থাসমূহে চলিত মাহতেই নিজ নিজ খণ্ড-উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ প্রস্তাৱ গ্ৰহণ কৰে । এই কাৰ্যনিৰ্বাহক সভাতেই এমাহৰ ভিতৰত লকডাউনত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ শিক্ষাবিদসকলক লৈ এখন শৈক্ষিক পৰামৰ্শমূলক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে এই কাৰ্যনিৰ্বাহক সভাই নলবাৰী জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়সমূহত খালি হৈ থকা শিক্ষক আৰু কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীত অহা ১৫ দিনৰ ভিতৰত নলবাৰী সদৰত এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । লগতে উক্ত সভাতেই অসম উন্নতি সভাৰ আঞ্চলিকসমূহ গঠন কৰি অহা বছৰৰ প্ৰথম মাহৰ ভিতৰতেই নলবাৰী জিলা উন্নতি সভাখন গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।
- Log in to post comments
- 21 views