বিমুদ্ৰাকৰণ-জিএছটিয়ে বঢ়াইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ অনাদায়ী ঋণ

বিমুদ্ৰাকৰণ-জিএছটিয়ে বঢ়াইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ অনাদায়ী ঋণ

বিমুদ্ৰাকৰণ আৰু জিএছটিৰ দৰে অৰ্থনৈতিক পদক্ষেপে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক কেনেকুৱা মাধমাৰ শোধাইছে তাৰ এক ভয়ংকৰ ছবি উদঙাই দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷

শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইন অনুসৰি এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে জনায় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণ আৰু জিএছটিৰ পদক্ষেপৰ ফলত ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ বিনিয়োগকাৰী আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহ প্ৰচণ্ডভাৱে ক্ষতিৰ সন্মুখীন হৈছে,

যাৰফলত এই ব্যৱসায়ীসকলৰ অনাদায়ী ঋণৰ পৰিমাণো অস্বাভাৱিক হাৰত বাঢ়ি গৈছে ৷

ৰিজাৰ্ভ বেংকে জনায় যে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত সংকটৰ সন্মুখীন হোৱা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অনাদায়ী ক্ষণৰ পৰিমাণ ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা ২০১৮ চনৰ মাৰ্চ মাহলৈকে ৮,২৪৯ কোটিৰ পৰা বাঢ়ি ১৬,১১৮ কোটি টকা হৈছেগৈ ৷

বিমুদ্ৰাকৰণ-জিএছটিয়ে বঢ়াইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ অনাদায়ী ঋণ

এই এটা বছৰৰ ভিতৰত ২৫ লাখৰ পৰা ৫ কোটি টকাৰ যিসকল ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ বিনিয়োগকাৰী আছে তেওঁলোকৰ অনাদায়ী ঋণ অৰ্থাৎ অনুৎপাদনশীল সম্পদ (এন পি এ) আৰু বেড ল’নৰ (Bad loan) পৰিমাণ ২০১৭ চনৰ মাৰ্চ মাহলৈকে আছিল ৮২,৩৮২ কোটি টকা ৷

২০১৮ চনৰ মাৰ্চ মাহলৈকে সেই অনাদায়ী ঋণৰ পৰিমাণ বাঢ়ি ৯৮,৫০০ কোটি টকা হৈছৈগৈ ৷ তাৎপৰ্যপূৰ্ণ যে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ পৰা এই সময়ছোৱাত ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ প্ৰদানৰ হাৰ ৬৬.৬১ শতাংশৰ পৰা হ্ৰাস পাই ৬৫.৩২ শতাংশ হৈছে, অথচ তেওঁলোকৰ ঋণ পৰিশোধ নকৰাৰ হাৰ পূৰ্বতকৈ অধিক বাঢ়িছে ৷

তাৰমানে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ আঘাতৰ পৰা এতিয়ালৈকে ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজকে চম্ভালি ল’ব পৰা নাই ৷

এপষেকমান পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী প্ৰতিষ্ঠান (এণ্টাৰপ্ৰাইজ) সম্পৰ্কীয় এক সমীক্ষাত জনাইছিল যে বিমুদ্ৰাকৰণ আৰু জিএছটিৰ ফলত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে এই ক্ষুদ্ৰ ব্যৱসায় খণ্ড ৷

বিশেষকৈ ২৫ লাখৰ পৰা ৫ কোটি টকা মূলধনৰ ব্যৱসায়ীসকল জিএছটি আৰু বিমুদ্ৰাকৰণৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছ ৷ কেৱল সেয়াই নহয়, এই খণ্ডত কৰ্মহীন লোকৰ সংখ্যাও বাঢ়িছে ৷
    
 

Your Comments