টকাৰ মূল্য পতনৰ নতুন অভিলেখ

টকাৰ মূল্য পতনৰ নতুন অভিলেখ

ভাৰতীয় অৰ্থনীতিৰ সংকটক গভীৰতৰ কৰি আন্তৰ্জাতিক মুদ্ৰা বজাৰত টকাৰ অভিলেখ হাৰত পতন ঘটিল ৷ সোমবাৰে দুপৰীয়া সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ বিনিময় হাৰ হয়গৈ প্ৰতি ডলাৰৰ বিপৰীতে ৭১ টকা ২১ পইচা ৷

স্বাধীনতাৰ পিছত এয়াই হৈছে টকাৰ সৰ্বনিম্ন মূল্য ৷ যোৱা সপ্তাহতেই ভাৰতীয় টকাৰ পতনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল ৷ শুকুৰবাৰে ভাৰতীয় টকাৰ মূল্য হৈছিলগৈ প্ৰতি ডলাৰৰ বিপৰীতে ৭১ টকা ৷

টকাৰ মূল্য পতনৰ নতুন অভিলেখ

সোমবাৰে সেই অভিলেখ ভংগ কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য হয় ৭১.২১ টকা ৷ সোমবোৰে মুদ্ৰা বজাৰ মুকলি হোৱাৰ সময়ত টকাৰ মূল্য ১৯ পইচা বাঢ়ি প্ৰতি ডলাৰৰ বিপৰীতে বিনিময় হাৰ হৈছিল ৭০.৮০ টকা৷ কিন্তু কিছু সময় পিছতেই পুনৰ ভয়ংকৰ খহনীয়া আৰম্ভ হয় ৷

দুপৰীয়াৰ ভিতৰত টকাৰ মূল্য মুদ্ৰা বজাৰত ৩২ পইচা হ্ৰাস হয় আৰু সকলো অভিলেখ ভঙ্গ কৰি ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰ হয় ৭১.২১ টকা ৷ উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিৰ কাৰণেই ভাৰতীয় টকাৰ এইধৰণৰ ভয়ংকৰ বিপৰ্যয় ঘটি আছে ৷

টকাৰ মূল্য পতনৰ নতুন অভিলেখ

আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ মূল্যও ক্ৰমান্বয়ে বাঢ়ি থকাত ভাৰতৰ কাৰেণ্ট একাউণ্টৰ ঘাটিও অভিলেখ হাৰত বাঢ়িছে ৷ লগতে বিগত ৫ বছৰৰ সকলো অভিলেখ ভংগ কৰি বাণিজ্যিক ঘাটিৰ পৰিমাণ বাঢ়ি ১,৮০২ কোটি ডলাৰ হৈছেগৈ ৷

এফালে খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু আনফালে ভাৰতীয় টকাৰ ক্ৰমাগত পতনৰ ফলত ভাৰতৰ আনদানি ব্যয় ৫৭.৪১ শতাংশলৈ বৃদ্ধি হৈছে ৷ লগতে দেশৰ কৰ্প'ৰেট ঋণৰ পৰিমাণো বাঢ়িছে ৷

টকাৰ মূল্য পতনৰ নতুন অভিলেখ

টকাৰ পতনৰ ফলত যোৱা সপ্তাহত ছেনছেক্স নামি যায় যদিও সোমবাৰে শ্বেয়াৰ বজাৰত নতুনকৈ কোনো খহনীয়া হোৱা নাই ৷ বৰং মুম্বাই শ্বেয়াৰ বজাৰৰ সূচক ১০৩.৬১ পইণ্ট বাঢ়িছে ৷

আনহাতে, নেচনেল ষ্টক এক্সেঞ্জৰ সূচক নিফ্‌টিৰ হাৰো সোমবাৰে বাঢ়ি ১১,৭০৯.৬৫ পইণ্ট হয়গৈ ৷ তথ্য-প্ৰযুক্তি, মটৰ গাড়ী উদ্যোগ আৰু ঔষধ শিল্পত শ্বেয়াৰৰ মূল্য বাঢ়িছে ৷
    

Your Comments