চীনক চেৰ পেলাই ভাৰতৰ জিডিপি ৮.২ শতাংশলৈ বৃদ্ধি

চীনক চেৰ পেলাই ভাৰতৰ জিডিপি ৮.২ শতাংশলৈ বৃদ্ধি

চীনক পিছ পেলাই বিশ্বৰ দ্ৰুততম অৰ্থনৈতিক বিকাশৰ দেশসমূহৰ তালিকাত ভাৰতে সৰ্বোচ্চ স্থান দখল কৰিলে ৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত (এপ্ৰিল-জুন) দেশৰ জিডিপিৰ হাৰ বাঢ়ি ৮.২ শতাংশ হৈছেগৈ ৷

এই বৃদ্ধিৰ হাৰে পূৰ্বৰ একেৰাহে সতোটা তিনিমাহৰ বৃদ্ধিৰ হাৰকো চেৰ পেলালে ৷ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা বিভাগে এই দাবী কৰে ৷ কিন্তু চৰকাৰৰ অৰ্থনৈতিক বৃদ্ধিৰ এই সৰ্বোচ্চ হাৰৰ দাবীৰ বিপৰীতে শুকুৰবাৰেই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ মূল্য সৰ্বনিম্ন হয়গৈ ৷

টকাৰ মূল্য ইমানেই হ্ৰাস পায় যে প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭১ টকা ৷ বৃহস্পতিবাৰেও ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পাই প্ৰতি ডলাৰৰ বিপৰীতে বিনিময় হাৰ হৈছিল ৭০.৭৪ টকা ৷

শুকুৰবাৰে আন্তৰ্জাতিক মুদ্ৰা বজাৰ মুকলি হোৱাৰ লগে লগে সেই হাৰকো চেৰ পলাই ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ দাম কমি গৈ প্ৰথমে ৭০.৯৫ টকা আৰু পিছত গৈ ৭১ টকা হয়গৈ ৷

বিগত তিনি বছৰৰ ভিতৰত ভাৰতীয় টকাৰ এয়াই হৈছে সৰ্বাধিক মূল্য হ্ৰাস ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ কাৰণেই ভাৰতীয় টকাৰ মূল্য ইমান ব্যাপক হাৰত হ্ৰাস পোৱা বুলি অৰ্থনীতিবিদসকলে জনায় ৷

টকাৰ মূল্য এইদৰে হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত সূচকো ৪৫ পইণ্ট হ্ৰাস পায় আৰু দিনৰ অন্তিম ভাগত ছেনছেক্স নামি হয়গৈ ৩৮.৬৪৫ পইণ্ট ৷

ভাৰতীয় টকাৰ এইধৰণৰ পতনৰ ফলত কেৱল শ্বেয়াৰ বজাৰতে খহনীয়া আৰম্ভ হোৱা নাই, কাৰেণ্ট একাউণ্টৰ ঘাটিত ব্যাপক হাৰত বাঢ়িছে আৰু কৰ্প'ৰেট ঋণৰ ব্যয়ৰ পৰিমাণো বাঢ়িছে ৷

চীনক চেৰ পেলাই ভাৰতৰ জিডিপি ৮.২ শতাংশলৈ বৃদ্ধি

লগতে বাণিজ্যিক ঘাটিৰ পৰিমাণো বাঢ়ি বিশাল হৈছেগৈ ৷ ইতিমধ্যে প্ৰাপ্ত বাতৰিমতে, যোৱা জুলাই মাহতেই বিগত পাঁচ বছৰৰ সকলো অভিলেখ ভঙ্গ কৰি বাণিজ্যিক ঘাটিৰ পৰিমাণ বাঢ়ি ১,৮০২ কোটি ডলাৰ হৈছেগৈ ৷

এফালে খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু আনফালে ভাৰতীয় টকাৰ দাম কমি যোৱাৰ ফলত খাৰুৱা তেলৰ আমদানি ব্যয় ৫৭.৪১ শতাংশ বাঢ়িছে ৷

ভাৰতৰ জিডিপি সৰ্বোচ্চ হাৰত বৃদ্ধিৰ কথা দাবী কৰি ভাৰত চৰকাৰৰ পৰিসংখ্যা বিভাগে কয় যে ভাৰতে এতিয়া চীনকো চেৰ পেলাই বিশ্বৰ দ্ৰুততম বিকাশৰ দেশসমূহৰ তালিকাত শীৰ্ষস্থান দখল কৰিলে ৷

চীনক চেৰ পেলাই ভাৰতৰ জিডিপি ৮.২ শতাংশলৈ বৃদ্ধি

চলিত বিত্তীয় বৰ্ষত ১ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে প্ৰথম তিনিমাহত ভাৰতৰ জিডিপিৰ হাৰ বাঢ়ি ৮.২ শতাংশ হৈছে ৷ বিপৰীতে এই সময়ছোৱাত বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনৈতিক শক্তি চীনৰ জিডিপিৰ হাৰ হৈছেগৈ ৬.৭ শতাংশ ৷

ভাৰতৰ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে (চি এছ অ’) এক বিজ্ঞপ্তিত কয় যে ভোগ্যগণ্য উৎপাদন, বিদ্যুৎ আৰু গেছ খণ্ডত বৃদ্ধিৰ হাৰ ৭ শতাংশৰো অধিক হৈছেগৈ ৷ কেন্দ্ৰীয় বিত্ত বিভাগৰ এগৰাকী সচিব সুভাষ চন্দ্ৰ গাৰ্গে কয়, “আমাৰ অৰ্থনীতি দ্ৰুততম বিকাশৰ অৰ্থনীতি, অৰ্থনীতিয়ে আকৌ সঠিক স্থান পাইছেগৈ ৷”

চীনক চেৰ পেলাই ভাৰতৰ জিডিপি ৮.২ শতাংশলৈ বৃদ্ধি

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বাঢ়ি ৭.৫ শতাংশ হ’ব বুলিও গাৰ্গে আশা প্ৰকাশ কৰে ৷ আনহাতে, বিত্ত সচিব হাসমুখ আধিয়াই কয়, জিএছটি আদিকে ধৰি কেতবোৰ অৰ্থনৈতিক সংস্কাৰে যে ভাল সুফল দি আছে জিডিপিৰ এই বৃদ্ধিৰ হাৰেই তাক স্পষ্ট কৰি দিলে ৷

Your Comments