প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সাতাইশ বছৰে প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টি উন্নয়নত ব্যৰ্থ অভিযোগ বাৰে বাৰে উত্থাপন হৈ আহিছে । সমষ্টিটোৰ বিভিন্ন পথৰ উন্নয়নৰ বাবে প্ৰতিবাদ হৈ থকাৰ সময়তে সমষ্টিটোৰ নিজকঠীয়াতলি পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ বাবে শ্ৰমদানত নামিল স্থানীয় ৰাইজ আৰু যুৱ কংগ্ৰেছী ।
কঠীয়াতলি শিক্ষা খণ্ড বিষয়া কাৰ্যালয়লৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথছোৱাৰ মেৰামতিৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিও সুফল নাপালে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কঠীয়াতলি শিক্ষা খণ্ড বিষয়া কাৰ্যালয়লৈ লগতে কঠীয়াতলি-বামুণী সংযোগী গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতি নোহোৱাৰ বাবে ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ।
সমগ্ৰ বাৰিষা কালছোৱা পথছোৱাৰ দুৰৱস্থাই ৰাইজ তথা শিক্ষা খণ্ডটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজক জ্বলা-কলা খুৱাইছে । প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ছটা কাৰ্যকালত বঢ়মপুৰ সমষ্টিৰ একেৰাহে বিধায়ক হৈ থকা প্ৰফুল্ল কুমাৰ মহন্ত আৰু কঠীয়াতলি উন্নয়ন খণ্ড কাৰ্যালয়ৰ ওচৰত অনুনয়-বিনয় কৰি ভাগৰি পৰিছে অঞ্চলটোৰ ৰাইজ ।
চৰকাৰ আৰু স্থানীয় বিধায়কৰ অকমৰ্ণ্যতাত অতিষ্ঠ হৈ যুৱ কংগ্ৰেছীসকলে স্থানীয় ৰাইজৰ সহযোগত নিজেই হাতে-কামে লাগিল পথ মেৰামতিত । ৰাইজে শ্ৰম দান কৰি পথৰ পুখুৰী সদৃশ গাঁতবোৰ পুতি যাতায়াতৰ বাবে উপযোগী কৰি লৈছে ।
ৰাইজৰ দাবী, শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰক বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই । ইফালে এই পথটো মেৰামতিৰ বাবে ২০১৩-১৪ বৰ্ষত নিজকঠীয়াতলি পঞ্চায়তৰ পৰা প্ৰায় ৯০ লাখ টকা অনুমোদিত হৈছিল যদিও পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ আনিছে যুৱ কংগ্ৰছীয়ে ।
এতিয়া প্ৰশ্ন হয়, ইমানৰ পাছতো গা লৰিবনে স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু গড়কাপ্টানী বিভাগৰ ?
- Log in to post comments
- 25 views