প্ৰত্যেক বছৰে ১৪ অক্টোবৰ দিনটো বিশ্বৰ তিনিটা আন্তৰ্জাতিক সংস্থা “ইন্টাৰনেচনেল ইলেক্ট্ৰটেকনিকেল কমিচন”(IEC), “ইন্টাৰনেচনেল অৰগেনাইজেছন ফৰ ষ্টেণ্ডাৰদাইজেচন” (ISO) আৰু “ইন্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন”(ITU) য়ে মিলি "ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডছ্ ডে" হিচাপে পালন কৰে ৷
ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডচ্ ডে মানে বিশ্ব মানদণ্ড দিৱস ৷ এই দিৱসটো পালন কৰা হয় বিশ্বৰ সেইসকল বিশেষজ্ঞক সন্মান জনাবলৈ,যিসকলৰ প্ৰচেষ্টাত বিশ্ব দৰবাৰত স্বেচ্ছাসেৱী প্ৰযুক্তিসমূহৰ বিকাশ হৈছে।সেইসকল বিশেষজ্ঞৰ বাবেই মানৱ জীৱনৰ মান দিনে -দিনে বৃদ্ধি পাইছে ৷
বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ২০২০ চনৰ আজিৰ দিনটোৰ বাবে বিষয়বস্তু ৰাখিছিল - "মানৰ সৈতে পৃথিৱীক ৰক্ষা কৰা।"
- Log in to post comments
- 61 views