মহী চন্দ্ৰ মিৰি আছিল অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক।১৯০২চনত জন্ম গ্ৰহণ কৰা অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ব্যক্তিজনেই সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল।
আমি চিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ বিষয়ে প্ৰথম তেওঁৰ বাবেই সমগ্ৰ বিশ্ব অৱগত হৈছিল ।
সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কাজিৰঙাখন জৰীপ কৰোৱা প্ৰথমজন ব্যক্তি আছিল মহী মিৰি।তেওঁক সন্মান জনাবলৈ ব্ৰিটিছৰ দিনতে যোৰহাট-গুৱাহাটী পথত পোৱা হালধি বাৰী বুঢ়ীমাই মন্দিৰৰ কাষৰ পাহাৰটোৰ নাম দিছিল মহী মিৰি টিং।অৱশ্যে উপযুক্ত আদৰৰ অভাৱত মহী মিৰি টিঙৰ ফলকখন সহজে দৃষ্টি গোচৰ নহয় বৰ্তমান।
অৰণ্যপ্ৰেমী মহী মিৰিৰ পত্নী আছিল প্ৰসিদ্ধ অসমীয়া শিক্ষাবিদ ইন্দিৰা মিৰি।সন্তান উৎপল মিৰি আৰু মৃণাল মিৰি।
- Log in to post comments
- 296 views