ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাসকলৰ মাহেকীয়া ভাট্টা বৃদ্ধি,কিমান বৃদ্ধি হ'ল জানি লওক

Dr.Himanta Biswa Sarma

ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকালৈ ভাল খবৰ।বৃদ্ধি পালে মাহিলী ভাট্টা।চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা লাভ কৰিব ১৫০০কৈ দৰমহা।ৰাজ্য চৰকাৰে পাঁচশ টকালৈ বৃদ্ধি কৰিছে ৰান্ধিনী-সহায়িকাসকলৰ দৰমহা।সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে দুৰ্গা পূজাৰ পূৰ্বে ৰান্ধনী-সহায়িকাসকলে বেংক একাউণ্টত এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈ লাভ কৰিব ৫০০টকাকৈ ভাট্টা।জনতা ভৱনত এই কথা ঘোষণা কৰিলে মন্ত্ৰী শৰ্মাই।

গুৰুত্বপূৰ্ণ যে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰি আছিল ১০০০টকা দৰমহা।উক্ত দৰমহাৰ সৈতে ৰাজ্য চৰকাৰে ৫০০টকাকৈ অতিৰিক্তভাৱে এতিয়াৰে পৰা সংযোগ কৰিব।ৰাজ্যত ১লাখ ১৮ হাজাৰ ৯৯৭ গৰাকী ৰান্ধনী- সহায়িকা নিয়োজিত হৈ আছে।

Your Comments