গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ।ৰ'টাৰী ক্লাবৰ সমীপত সোমবাৰে দিনৰ ভাগত ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী।
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল, ইআইএ বাতিল, বাঘজানৰ ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ আৰু অসম চুক্তিৰ ৬নং দফা শীঘ্ৰে ৰূপায়ণ কৰা দাবীৰে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে।
- Log in to post comments
- 3 views