অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাক গ্ৰেপ্তাৰ।গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ক্ৰাইম ব্ৰান্সৰ হাতত গ্ৰেপ্তাৰ হয় ধৃত শৰ্মা।উল্লেখ যে ২০ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি আছিল শর্মাই।প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যৰ বাহিৰত পলাই আছিল শৰ্মা বিমানযোগে অসমলৈ ঘূৰি অহাৰ সময়তে গ্ৰেপ্তাৰ হয় ধৃত অভিযুক্তগৰাকী।
গুৰুত্বপূৰ্ণ যে শৰ্মা আছিল পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় টেলিকমিউনিকেচনৰ সৈতে জড়িত।দিল্লীৰ পৰা অসমলৈ উভতি অহাৰ সময়তে বিমানবন্দৰ ভিতৰতে শৰ্মাক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ ক্ৰাইম ব্রান্সৰ কাৰ্যালয়লৈ লৈ অনা হয়।
- Log in to post comments
- 14 views