মটৰ পৰিবহণ সন্থাৰ দাবী মানি ল'লে চৰকাৰে।স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আসন অনুযায়ী ১০০ শতাংশ যাত্ৰীৰে যাত্ৰীবাহী বাহনসমূহৰ চলাচলৰ অনুমতি প্ৰদান।চৰকাৰে দাবী মানি লোৱা বাবে যোৱা পাঁচ অক্টোবৰৰ পৰা মটৰ পৰিবহন সন্থাই পালন কৰা চকা বন্ধ প্ৰত্যাহাৰ কৰে।
উল্লেখ যে যাত্ৰীবাহী বাহন চলাচলৰ সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা জাননীৰ নিৰ্দেশনাসমূহ হৈছে-'নিৰ্দিষ্ট আসনৰ বিপৰীতে কোনো যাত্ৰী অতিৰিক্তভাৱে থিয় কৰাই নিব নোৱাৰিব।'
'যাত্ৰীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।'
'বাহনসমূহত চেনিটাইজাৰ থকাটো বাধ্যতামূলক।'
'বাহনৰ চালক আৰু বাহনৰ অন্য কর্মীসকলে প্ৰতিমুহূৰ্ততে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।'
স্বাস্থ্য বিভাগৰ এই নিৰ্দেশনাৰ পিছতে শুকুৰবাৰৰ পৰা পুনৰ ৰাজ্যত চলাচল কৰিব যাত্ৰীবাহী বাহন।
- Log in to post comments
- 21 views